আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰীবাসক কণ্টেইনমেণ্ট জ'ন ঘোষণা

অৱশ্যে বৰ্তমানে ৪০ গৰাকী ছাত্ৰীহে আছে
আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰীবাসক কণ্টেইনমেণ্ট জ'ন ঘোষণা
Published on: 

আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰীবাস কণ্টেইনমেণ্ট জ'ন ঘোষণা

এগৰাকী ছাত্ৰীৰ শৰীৰত মাৰাত্মক ক'ৰ'না ভাইৰাছৰ উপস্থিতি নিশ্চিত হোৱাৰ পাছতে গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালৰ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসক কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। উক্ত ছাত্ৰী নিবেশত দুশ গৰাকী ছাত্ৰী থাকিব পাৰে। অৱশ্যে বৰ্তমানে ৪০ গৰাকী ছাত্ৰীহে আছে।  আনহাতে, ৰাজ্যত ক'ৰ'না মহামাৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা ৫৯ জনলৈ বৃদ্ধি পাইছে ।গুৱাহাটীতে পুৰুষ-মহিলাসহ পাঁচজন লোকৰ শৰীৰত ধৰা পৰিছে মাৰাত্মক ক'ৰ'না ভাইৰাছৰ উপস্থিতি ৷ এনে পৰিস্থিতিত চৌদিশে আতংকৰ সৃষ্টি হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com