১০০বছৰৰ পাছত ঘৰলৈ ঘূৰিল মা অন্নপূৰ্ণাৰ প্ৰতিমূৰ্ত্তি

১৫নৱেম্বৰ তাৰিখে মা অন্নপূৰ্ণাৰ এই প্ৰতিমূৰ্ত্তি পুনঃ স্থাপনা কৰা হ'ব কাশীৰ বিশ্বনাথ মন্দিৰত
১০০বছৰৰ পাছত ঘৰলৈ ঘূৰিল মা অন্নপূৰ্ণাৰ প্ৰতিমূৰ্ত্তি
Published on

উত্তৰ প্ৰদেশৰ, বেনাৰস চহৰৰ পৰা প্ৰায় ১০০বছৰ আগেয়ে চুৰি হোৱা মা অন্নপুৰ্ণাৰ প্ৰতিমূৰ্ত্তি। পৰবৰ্তী সময়ত এই বিশেষ প্ৰতিমূৰ্ত্তি উদ্ধাৰ কৰা হয় উত্তৰ আমেৰিকাৰ এখনি দেশ কানাডাত। শেহতীয়া প্ৰাপ্ত খবৰ অনুসৰি কানাডা চৰকাৰে বৰ্তমান উত্তৰ প্ৰদেশ চৰকাৰক ঘূৰাই দিবলৈ আগবাঢ়িছে মা আন্নপূৰ্ণাৰ এই প্ৰতিমূৰ্ত্তি।

খবৰ অনুসৰি, কানাডা চৰকাৰে ঘূৰাই দিয়া মা অন্নপূৰ্ণাৰ এই পৌৰাণিক প্ৰতিমূৰ্ত্তি অহা ১৫নৱেম্বৰ তাৰিখে স্থাপিত কৰা হ'ব বেনাৰসৰ, কাশীত স্থিত বিশ্বনাথ মন্দিৰত ।

সংবাদ মাধ্যম এ এন আইৰ সন্মুখত, নিজৰ মনৰ ভাব ব্যক্ত কৰি জিলাখনৰ কেন্দ্ৰীয় মন্ত্ৰী মীনাক্ষী লেখিয়ে কয় যে, "মা অন্নাপূৰ্ণাৰ এক প্ৰতিমূৰ্ত্তি, যাৰ চুৰি হৈছিল প্ৰায় ১০০বছৰ আগেয়ে। শেহতীয়া ভাৱে এই প্ৰতিমূৰ্ত্তি উদ্ধাৰ কৰা হৈছে কানাডাৰ পৰা, আৰু আহিব লগা ১৫নৱেম্বৰ তাৰিখে এই মূৰ্তিক পুনঃ স্থাপনা কৰা হ'ব কাশীৰ বিশ্বনাথ মন্দিৰত"।

মা অন্নপূৰ্ণাৰ এই প্ৰতিমূৰ্ত্তিৰ উচ্চতা হৈছে ১৭ চেণ্টিমিটাৰ আৰু ইয়াৰ প্ৰস্থ হৈছে ৯ চেণ্টিমিটাৰ।

কানাডাৰ পৰা আহি এই বিশেষ প্ৰতিমূৰ্ত্তিটোক ৰখা হ'ব নতুন দিল্লীত। পৰবৰ্তী সময়ত ইয়াক অতি ধুমধামেৰে লৈ যোৱা হ'ব অন্য চাৰি খন ঠাই, কাছগঞ্জ; কানপুৰ; অযোধ্যা আৰু শেষত কাশীলৈ। "মানুহক এই বিশেষ প্ৰতিমূৰ্ত্তিৰ দৰ্শনৰ সুবিধা প্ৰদান কৰা হ'ব", সহযোগী মুখ্য সচিব অৱনিশ কুমাৰে নিজৰ ভাষ্যৰত প্ৰকাশ কৰে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, "১০০বছৰৰ পূৰ্বে মা আন্নপূৰ্ণাৰ এই প্ৰতিমূৰ্ত্তি কাশীৰ পৰা চুৰি কৰা হৈছিল। কানাডাৰ এখন বিশ্ববিদ্যালয়ৰ পৰা ইয়াক বিনিময় যোগে উদ্ধাৰ কৰা হয়। ভাৰত চৰকাৰে এই প্ৰতিমূৰ্ত্তি বিশ্ববিদ্যালয় খনৰ পৰা প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে। আৰু এতিয়া এই বিশেষ প্ৰতিমূৰ্ত্তিটোক পুনঃ উত্তৰ প্ৰদেশ চৰকাৰক ঘূৰাই দিয়া হ'ব"।

কেন্দ্ৰীয় মন্ত্ৰী, পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী জি. কিষণ ৰেড্ডিয়ে জনাইছে যে, ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বমুঠ ৫৫টা প্ৰতিমূৰ্ত্তি, ভাস্কৰ্য আৰু চিত্ৰাংকন বিভিন্ন বিদেশী স্থানৰ পৰা ঘূৰাই অনাৰ দায়িত্ব হাতত লৈছে।

উল্লেখযোগ্য যে, ২০১৪চনত মোদী ক্ষমতালৈ অহাৰ পৰা চন ২০২১ লৈকে, প্ৰায় ২০০টা পুৰাতত্ব সম্পদ ভাৰতলৈ ঘূৰি আহিছে বা তাক ঘূৰাই অনাৰ প্ৰক্ৰিয়া অব্যাহত আছে।

https://assamese.sentinelassam.com/%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%AC%E0%A6%BE%E0%A6%A4%E0%A7%B0%E0%A6%BF/complaint-filed-against-kangana-ranaut-for-562859

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com