উত্তৰ-পূবৰ মানুহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক ভূয়সী প্ৰশংসা মোদীৰ

মোদীয়ে আৰু কয় যে গান্ধীৰ আদৰ্শ গ্ৰহণ কৰিবলৈ আজি সমগ্ৰ বিশ্বই আগবাঢ়ি আহিছে।
উত্তৰ-পূবৰ মানুহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক ভূয়সী প্ৰশংসা মোদীৰ
Published on: 

অসম তথা উত্তৰ-পূবৰ মানুহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক আজি উচ্চ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি প্ৰধানমন্ত্ৰী মোদীয়ে নতুন দিল্লীত স্বচ্ছ বাৰত অভিযানৰ অধীনত ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ মুকলি কৰে। এই কেন্দ্ৰ মুকলি কৰাৰ পাছত মোদীয়ে কয় যে উত্তৰ-পূবৰ মানুহে আৰু সমাজে পৰিষ্কাৰ-পৰিচ্ছন্নতাক ব্ৰত ৰূপে পালন কৰে। আজি প্ৰধানমন্ত্ৰী মোদীয়ে ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰি যোৱা ৩৬ খন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ভাব বিনিময় কৰে।

এই ভাব বিনিময়ৰ সময়ত তেওঁ উত্তৰ-পূবৰ মানুহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক ভূয়সী প্ৰশংসা কৰি কয়, " আমি উত্তৰ-পূববাসীৰ পৰা শিকিবলগীয়া বহু কথা আছে। পৰিষ্কাৰ-পৰিচ্ছন্নতাক উত্তৰ-পূবৰ মানুহে বহু গুৰুত্ব দিয়ে"। জাতিৰ পিতা মহাত্মা গান্ধীৰ স্বচ্ছতা নীতিৰ বিষয়ে উল্লেখ কৰি মোদীয়ে আৰু কয় যে গান্ধীৰ আদৰ্শ গ্ৰহণ কৰিবলৈ আজি সমগ্ৰ বিশ্বই আগবাঢ়ি আহিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com