Begin typing your search above and press return to search.

ক'ৱিড-১৯ প্ৰতিৰোধৰ বাবে অধিক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ দাবী সদৌ অসম ছাত্ৰ সন্থা‌ৰ

AASU

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 May 2020 11:20 AM GMT

ক'ৱিড-১৯ প্ৰতিৰোধৰ বাবে অধিক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ দাবী সদৌ অসম ছাত্ৰ সন্থা‌ৰ

ক'ৱিড-১৯ প্ৰতিৰোধৰ বাবে অধিক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ দাবী সদৌ অসম ছাত্ৰ সন্থা‌ৰ ।‌ ৰাজ্যত ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থা(আছু)ই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ক'ৰ'না ভাইৰাছ‌ৰ সংক্ৰমণ ৰোধ কৰিবলৈ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায় ।

আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে ৰাজ্যত বিশেষকৈ গুৱাহাটী, বৰাক উপত্যকা, আৰু যোৰহাটত ক'ৰ'না আক্ৰান্ত বৃদ্ধি হোৱাত শংকিত হৈছে ছাত্ৰ সংগঠনটোৰ লগতে অসমৰ জনসাধাৰণ ।‌ তেওঁ কয় যে শংকা বৃদ্ধি হোৱাৰ কাৰণ হ'ল চিকিৎসক আৰু স্বাস্থ্য কৰ্মী এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাটো ।

আনহাতে, আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে ক'ৱিভ-১৯ আক্ৰান্ত ৰোগী বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে এই ভাইৰাছ সংক্ৰমণৰ পৰীক্ষা শীঘ্ৰেই কৰা উচিত । তদুপৰি বিশেষজ্ঞই অসমত শীঘ্ৰেই পৰীক্ষা কৰাৰ বাবে উপদেশ প্ৰদান কৰিছে ।‌

আছুৰ‌ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে ক'ৱিড-১৯ ৰ বিৰুদ্ধে যুঁজত সন্মুখৰ পৰা নেতৃত্ব দিয়া চিকিৎসক , নাৰ্ছ, স্বাস্থ্য কৰ্মী, আৰক্ষী , সাংবাদিক আদিক অধিক প্ৰাধান্য দিয়া উচিত। তেওঁ লগতে কয়, " যদি ফন্ট লাইন কৰ্মীসকল সুৰক্ষিত নহয় তেন্তে জনসাধাৰণ কেনেদৰে সুৰক্ষিত হ'ব "?

ক'ৱিড-১৯-ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনা পালন কৰাৰ আহ্বান জনাই ভট্টাচাৰ্যই আৰু কয় যে এই ভাইৰাছৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে আৰু অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰি উচিত পদক্ষেপ হাতত ল'ব লাগে ।

লগতে তেওঁ কয় যে লকডাউনৰ বাবে জনতাই বহু পৰিমাণে আৰ্থিক সংকটৰ সন্মুখীন হৈছে।

ভট্টাচাৰ্যই পুনৰ কয় যে এয়া সুখৰ কথা যে লকডাউনৰ সময়ত আৰ্থিক সংকটৰ সন্মুখীন হোৱা লোক সকলক সহায় কৰিবলৈ বিভিন্ন ব্যক্তি, সংগঠন , এন জি অ' আদি ওলাই আহিছে। কিন্তু এই লোক সকলক সহায় কৰিবলৈ চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি কয় আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে।

উল্লেখ্য যে দেশত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কৱিড-১৯ মহামাৰীত আক্ৰান্তৰ সংখ্যা। শেহতীয়া তথ্য অনুসৰি আক্ৰান্তৰ সংখ্যাই সম্প্ৰতি ৬৭হেজাৰৰ ঘৰক অতিক্ৰম কৰিছে। অনুৰূপধৰণে বৃদ্ধি পাইছে মৃতৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত নতুনকৈ পজিটিভ ধৰা পৰিছে ৩,২৭৭ জন লোকৰ শৰীৰত। এনেদৰে বিগত এটা সপ্তাহত প্ৰতি দিনেই ৩০০০ ৰ অধিক লোক নতুনকৈ সংক্ৰমিত হৈ আছে।


অন্য খবৰ‌ পঢ়ক- আফ্ৰিকান ছোৱাইন জ্বৰত আক্ৰান্ত হৈ অসমত ১৩,৩৮২ টা গাহৰিৰ মৃত্যুঃ মন্ত্ৰী বৰা


Next Story