এইবাৰ আৰয়ান খানৰ মুক্তিৰ দাবী কৰিলে কাজলৰ ভগ্নী তানিশা মুখাৰ্জীয়ে

ন্যায়ালয়ে জামিন নাকচ কৰাৰ পাছৰে পৰা ড্ৰাগছৰ সেৱনৰ কাৰণে গ্ৰেপ্তাৰ হোৱা আৰয়ান খান বৰ্তমানেও ৰঙা ঘৰৰ আলহী হৈ আছে।
এইবাৰ আৰয়ান খানৰ মুক্তিৰ দাবী কৰিলে কাজলৰ ভগ্নী তানিশা মুখাৰ্জীয়ে

নিষিদ্ধ ড্ৰাগছৰ  গোচৰত এন.চি.বি.ৰ হাতত গ্ৰেপ্তাৰ হোৱা  ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰৰ আৰয়ানৰ সমৰ্থনত এইবাৰ থিয় দিলে  জনপ্ৰিয় অভিনেত্ৰী কাজলৰ ভগ্নী তথা অভিনেত্ৰী তানিশা মুখাৰ্জী।

ন্যায়ালয়ে জামিন নাকচ কৰাৰ পাছৰে পৰা ড্ৰাগছৰ সেৱনৰ কাৰণে গ্ৰেপ্তাৰ হোৱা আৰয়ান খান বৰ্তমানেও ৰঙা ঘৰৰ আলহী হৈ আছে। 

তানিশাৰ ভাষ্যৰত কাৰো অলপো অনুকম্পা নাই আৰয়ানৰ প্ৰতি। এটি কথোপকথনত অভিনেত্ৰীগৰাকীয়ে ব্যক্তি কৰে , "মই ভাবো যে আৰয়ানৰ ক্ষেত্ৰত এয়া একপ্ৰকাৰৰ হাৰাশাস্তি, আৰু এই কষ্ট দুগুণ কৰি তুলিছে মিডিয়াৰ থকা - সৰকা কৰা প্ৰশ্নসমূহে। দুৰ্ভাগ্যশতঃ আজিৰ মানুহ মনোভাৱ তাৰকাসকলৰ প্ৰতি যথেষ্ট অপ্ৰশস্ত। তাৰকা সন্তান হ'লে কেনেধৰণৰ ভাল বা বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় তাক লৈ তেওঁলোক মান বিচাৰ কৰে"।

ইয়াৰ লগতে তেওঁ যোগ দিয়ে, "এইখন আমাৰ সকলোৰে দেশ আৰু প্ৰমাণ  নিৰীক্ষণ কৰোঁতে মানুহৰ মনত কোনো ধৰণৰ বাছ- বিচাৰ থকা অনুচিত। তেওঁ ভাবিব লাগে একেখিনি পৰিস্থিতিৰ সন্মুখীন মোৰ সন্তান হোৱা হ'লে কি হ'ল কৈ? মই কি কৰিলোঁ হয়? এইয়া সঁচাকৈয়ে ন্যায় নে?"

ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম ষ্টৰী যোগেও আৰ্য়ানৰ বাবে ন্যায় বিচাৰিছে। ষ্টৰীত অভিনেত্ৰী গৰাকীয়ে আৰ্য়ানৰ এখন ফটো সহ লিখিছে, "তাক মুক্তি দিয়ক"।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com