Begin typing your search above and press return to search.

সুধাকণ্ঠৰ "মানুহে মানুহৰ বাবে সোঁৱৰাই" সোণোৱাললৈ পত্ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ

tarun gogoi

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 May 2020 10:13 AM GMT

সুধাকণ্ঠৰ "মানুহে মানুহৰ বাবে সোঁৱৰাই" সোণোৱাললৈ পত্ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তলাবন্ধৰ ফলত দেশৰ বিভিন্ন স্থানত আবদ্ধ হৈ থকা অসমৰ লোকসকলৰ বাবে বিশেষ ৰেলৰ ব্যৱস্থা কৰিবলৈ এক পত্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনাইছে।

দিল্লীত চিকিৎসাৰত অৱস্থাত ক'ৱিড-১৯-ত মৃত্যু হোৱা বোকাখাতৰ বাসিন্দা অজিত শইকীয়াৰ সম্পৰ্কত চৰকাৰী স্থিতিও দাবী কৰিছে গগৈয়ে।‌ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় যে হাজাৰ হাজাৰ ৰেল চলি আছে কিন্তু অসমৰ ক্ষেত্ৰত দুখনতকৈ অধিক ৰেল চলা নাই ।

গগৈয়ে কয়, " আশা কৰো ভূপেন হাজৰিকাৰ গীত "মানুহে মানুহৰ বাবে'' চেতনাৰ অনুধাৱন কৰি অসম চৰকাৰে দুৰ্দশাগ্ৰস্ত লোকসকলৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰিব" ।

উল্লেখ্য যে সমগ্ৰ দেশ এতিয়া ক'ৰ'নাৰ গ্ৰাসত ।দেশৰ এক লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে এই মহামাৰীত । বিগত ২৪ ঘন্টাত দেশত প্ৰায় ৪,৯৭০ জন লোকৰ দেহত ধৰা পৰে ক'ৰ'না ভাইৰাছৰ অৱস্থিতি। ফলত মুঠ ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ সংখ্যা হয়গৈ ১,০১,১৩৯ জন । আনহাতে, বিগত ২৪ ঘন্টাত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰে ১৩৪ জন লোক৷ ফলত দেশত ক'ৰ'না আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা হৈছেগৈ ৩,১৩৯ জন ।

অসমতো ক্ৰমাৎ ক'ৰ'না মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বৰ্তমানলৈকে ৰাজ্যত ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ সংখ্যা ১৩৫ জন হৈছে । আনহাতে, বৰ্তমানে অসমত সক্ৰিয় ৰোগী আছে ৮৮ জন ৷ ৪১ জন লোক ইতিমধ্যে সুস্থ হৈ উঠিছে। আনহাতে, এই মহামাৰীত অসমত মৃতৰ সংখ্যা ৪ জন হৈছে ।

Next Story