শ্ৰমিক বিশেষ ৰেলত যাত্ৰাঃ অৰ্হতা-নিয়মাৱলী সলনি

এই সম্পৰ্কত ৰেলৱেই প্ৰকাশ কৰা অনুসৰি অৰ্হতা আৰু চৰ্তাৱলী নিম্নোক্ত ধৰণেৰে সংশোধন ঘটোৱা হৈছে
শ্ৰমিক বিশেষ ৰেলত যাত্ৰাঃ অৰ্হতা-নিয়মাৱলী সলনি
Published on

শ্ৰমিক বিশেষ ৰেলত যাত্ৰাঃ অৰ্হতা-নিয়মাৱলী সলনি

তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ পৰা তথা যোৱা ১২মে'ৰ পৰা ভাৰতীয় ৰেলৱেই ১২যোৰ শ্ৰমিক বিশেষ ৰেলৰ চলাচল কৰাই আছে ৷ সম্প্ৰতি ৰেলৱেই এই ৰেলসমূহত যাত্ৰাৰ ক্ষেত্ৰত নীতি-নিয়মাৱলীৰ সংশোধন ঘটাইছে ৷ এই সম্পৰ্কত ৰেলৱেই প্ৰকাশ কৰা অনুসৰি অৰ্হতা আৰু চৰ্তাৱলী নিম্নোক্ত ধৰণেৰে সংশোধন ঘটোৱা হৈছেঃ

১) আগতীয়া টিকট সংৰক্ষণ কাল(ARP) সাতদিনৰ পৰা ৩০দিনলৈ বৃদ্ধি কৰা হৈছে,

২) এই ৰেলসমূহৰ যাত্ৰীৰ অপেক্ষা তালিকা প্ৰকাশ কৰা হ'ব।

৩) অপেক্ষা তালিকাত যাত্ৰীক এই শ্ৰমিক বিশেষ ৰেলসমূহত উঠিবলৈ দিয়া নহ'ব ৷

৪) এই শ্ৰমিক বিশেষ ৰেলসমূহৰ বাবে কোনো তৎকাল বা প্ৰিমিয়াম তৎকাল টিকট বুকিঙৰ ব্যৱস্থা নাথাকিব ৷

৫) এনে এখন ৰেলে যাত্ৰাৰ আৰম্ভণীৰ চাৰি ঘণ্টাৰ পূৰ্বে টিকট নিশ্চিত হোৱা যাত্ৰীৰ প্ৰথমখন তালিকা প্ৰস্তুত কৰিব ৷ দ্বিতীয়খন তালিকা দুঘণ্টাৰ পূৰ্বে প্ৰকাশ কৰা হ'ব ৷ পূৰ্বে এই সময় ৩০মিনিটৰ পূৰ্বে আছিল ৷

৬) টিকট সংৰক্ষণ ষ্টেচনসমূহৰ কম্পিউটাৰাইজড পি আৰ এছ কাউণ্টাৰ, ডাকঘৰ, যাত্ৰী সুবিধা কেন্দ্ৰৰ লগতে অনলাইন আৰু ভাৰতীয় ৰেলৱেৰ স্বীকৃতিপ্ৰাপ্ত এজেণ্টৰ জৰিয়তে কৰিব পাৰিব ৷

এই সংশোধনী ২৪মে'ৰ পৰা আৰু অহা ৩১মে'ৰ পৰা চলিবলগা ৰেলসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ৷ উত্তৰ-পূবলৈ এনে দুখন ৰেল চলি আছে ৷ ইয়াৰে এখনে দিল্লীৰ পৰা ডিব্ৰুগড়লৈ(দৈনিক) আৰু আনখনে দিল্লীৰ পৰা আগৰতলালৈ(সাপ্তাহিক) চলাচল কৰি আছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com