আজি নিশা ৯ বজাৰ পৰা গুৱাহাটীৰ ক'ত, ক'ত সম্পূৰ্ণ ল'ক-ডাউন

আজি মঙলবাৰে জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে এই কথা ঘোষণা কৰে। অহা ১৪ দিনৰ বাবে বাহাল থাকিব এই ল’কডাউন।
আজি নিশা ৯ বজাৰ পৰা গুৱাহাটীৰ ক'ত, ক'ত সম্পূৰ্ণ ল'ক-ডাউন

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কামৰূপ(মহানগৰ)জিলা প্ৰশাসনে গুৱাহাটীৰ বহুকেইটা অঞ্চলত পুনৰ সম্পূৰ্ণ ল'ক-ডাউন বা তলাবন্ধ প্ৰযোজ্যৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি মঙলবাৰে জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে এই কথা ঘোষণা কৰে। অহা ১৪ দিনৰ বাবে বাহাল থাকিব এই ল'কডাউন।

উপায়ুক্তই ঘোষণা কৰা অনুসৰি আজি মঙলবাৰে নিশা ৯ বজাৰ পৰা নিম্নোক্ত স্থানসমূহত সম্পূৰ্ণ ল'ক-ডাউন প্ৰযোজ্য হ'বঃ

ৱাৰ্ডঃ ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১০, ১৫ আৰু ১৬ নম্বৰ ৱাৰ্ডত হ'ব এই ল'কডাউন।

ৱাৰ্ড অনুসৰি লক-ডাউনঃ

১) দুই নম্বৰ ৱাৰ্ডৰ আনন্দ নগৰ, জয়মতী নগৰ, নিউ আদাবাৰী, পাণ্ডু ৰেল'ৱে মাৰ্কেট, ফেৰী ঘাটৰ ৩,৪,৫ আৰু ৬ কলনী, নিউ ৰেলৱে কলনি, ইনষ্টিটিউট কলনী, গড়পাণ্ডু, লক' কলনী, চাদিলাপুৰৰ এটা অংশ, বি বি চি কলনী।

২)তিনি নম্বৰ ৱাৰ্ডৰ গ্ৰীণ পাৰ্ক কলনী, ৱাটাৰ ৱৰ্কছ ৰেলৱে কলনী, মন্দিৰ ঘাট কলনী, মালিগাঁও বালি পাৰা, গড়পাণ্ডু, আদাবাৰী, আদাবাৰী ৰেলৱে কলনী, আনন্দ নগৰ।

৩) চাৰি নম্বৰ ৱাৰ্ডৰ পাণ্ডু নাথ বস্তি, কামাখ্যা কলনি এলেকা, কামাখ্যা মন্দিৰ, মালিগাঁওৰ কিছু অংশ।

৪)পাঁচ নম্বৰ ৱাৰ্ডৰ মালিগাঁও পূব পশ্চিম ৰেলৱে কলনী, গোটানগৰ ৰেলৱে কলনী, আদৰ্শ কলনী, বি জি কলনীৰ এটা অংশ, গোশালা ৰেলৱে কলনী, দূৰ্গা সৰোবৰ, শান্তিপুৰ আৰু ভূতনাথ।

৫) ছয় নম্বৰ ৱাৰ্ডৰ ধীৰেণপাৰা, গণেশপাৰা, মনপাৰা, দতাল পাৰা, কটাহপাৰী, গড়চুক আৰু জ্যোতিকুছিৰ এটা অংশত।

৬) সাত নম্বৰ ৱাৰ্ডৰ গোটানগৰ, গোটানগৰ এন চি, মালিগাঁও এন চি, ফটাশিল এন চি, দুৰ্গা সৰোবৰ, ফটাশিল, ধীৰেণপাৰা হিল চাইড।

৭) আঠ নম্বৰ ৱাৰ্ডৰ কুমাৰপাৰা, মাছখোৱা, আঠগাঁও (এটা অংশ), ভৰলুমুখ।

৮) ন-নম্বৰ ৱাৰ্ডৰ ছাত্ৰীবাৰী, কৃষ্ণনগৰ, টকৌবাৰী, ফাঁচীবজাৰ আৰু আঠগাঁৱৰ এটা অংশত।

৯) ১০ নম্বৰ ৱাৰ্ডৰ ফাঁচী বজাৰ, পল্টন বজাৰ, পাণবজাৰৰ সমগ্ৰ অঞ্চল।

১০) ১৫ নম্বৰ ৱাৰ্ডৰ বিষ্ণুপুৰ, নতুনবস্তি, বিমলানগৰ, মহেন্দ্ৰ নগৰ, শংকৰপুৰ, ফটাশিল।

১১) ১৬ নম্বৰ ৱাৰ্ডৰ ভাস্কৰ নগৰৰ বৰ্ষাপাৰা, ধীৰেনপাৰা, আনন্দ নগৰ আৰু ৰঙাপথাৰ।

অৱশ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, জৰুৰীকালীন সেৱা, ফলমূল, শাক-পাচলি আৰু গাখীৰৰ দোকান খোলা থাকিব।

আনহাতে, এই অঞ্চল সমূহত জৰুৰীকালীন সেৱাক বাদ কৰি আন যিকোনো ব্যক্তিগত বাহন, যাত্ৰীবাহী বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com