নতুন অধ্যায়ৰ আৰম্ভণীঃ ভাৰতৰ আকাশমাৰ্গত ৰাফেল যুঁজাৰু বিমান

দীৰ্ঘ পৰিক্ৰমাৰ পাছত ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰা এই যুঁজাৰু বিমানকেইখনক আদৰণি জনাইছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
নতুন অধ্যায়ৰ আৰম্ভণীঃ ভাৰতৰ আকাশমাৰ্গত ৰাফেল যুঁজাৰু বিমান

দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পৰিল ! অৱশেষত ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে ৰাফেল যুঁজাৰু বিমানে। ফ্ৰান্সৰ পৰা আনি থকা ৫ খন ৰাফেল বিমানে আজি ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰে। ইয়াক লৈ উত্সাহিত হৈছে দেশবাসী। দীৰ্ঘ পৰিক্ৰমাৰ পাছত ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰা এই যুঁজাৰু বিমানকেইখনক আদৰণি জনাইছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

অত্যাধুনিক যুঁজাৰু বিমানকেইখনক আদৰণী জনাই এটা টুইটত কয়, " পক্ষীবোৰে ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে। আম্বালাৰ বায়ু সেনা ঘাটিত সুকলমে অৱতৰণ কৰক "। ইয়াৰ লগে লগে দেশত এক অধ্যায়ৰ আৰম্ভণী ঘটিছে। শক্তি বৃদ্ধি হৈছে ভাৰতীয় বায়ু সেনাৰ।  

উল্লেখ্য যে ২০১৬ত মোদী চৰকাৰে ৩৬ খন ৰাফেল বিমান ক্ৰয়ৰ বাবে ফ্ৰান্সৰ সৈতে চুক্তি স্বাক্ষৰ কৰে। পূৰ্বৰ ইউ পি এ চৰকাৰেও ৰাফেল যুঁজাৰু বিমান ক্ৰয়ৰ বাবে ফ্ৰান্সৰে চুক্তি স্বাক্ষৰ কৰিছিল। এই যুদ্ধ বিমানসমূহ অহাক লৈ আম্বালা এয়াৰবেছৰ নিৰাপত্তা অত্যন্ত কঠোৰ কৰি তোলা হৈছে। এয়াৰবেছৰ পৰা ৩ কিলোমিটাৰ অঞ্চলত ড্ৰোণ জ'ন ঘোষণা কৰা হৈছে। অৰ্থাৎ এই অঞ্চলত আকাশীপথত কোনো ধৰণৰ নজৰ দিব নোৱাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com