শীঘ্ৰে গুৱাহাটীত আৰম্ভ হ'ব টুইট টাৱাৰ নিৰ্মাণৰ কামঃ মন্ত্ৰী পাটোৱাৰী

শীঘ্ৰে গুৱাহাটীত আৰম্ভ হ'ব টুইট টাৱাৰ নিৰ্মাণৰ কামঃ মন্ত্ৰী পাটোৱাৰী

অসম চৰকাৰে নিবিদা জাননী প্ৰকাশ কৰিব ৷

এডভাণ্টেজ আছাম বিনিয়োগ সন্মিলনৰ সময়ত ৰাজ্য চৰকাৰে ঘোষণা কৰা টুইন টাৱাৰ নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ হব। ক'ৰ'না মহামাৰীৰ বাবেহে এই টাৱাৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱা নাই। আজি এখন সংবাদ মেলত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই দাবী কৰে।

আজি ৰাজ্যিক কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ পাছত মন্ত্ৰী পাটোৱাৰীয়ে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মন্ত্ৰীজনে কয়, " শীঘ্ৰে গুৱাহাটীত আৰম্ভ হ'ব টুইট টাৱাৰ নিৰ্মাণৰ কাম। অসম চৰকাৰে নিবিদা জাননী প্ৰকাশ কৰিব ৷ বিশ্বজুৰি সৃষ্ট ক'ৰ'নাৰ ত্ৰাসৰ বাবে NPCCই আহিব নোৱাৰিলে ৷ এই বছৰতে আৰম্ভ হ'ব কাম"৷ 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com