ডিব্ৰুগড়ত উপস্থিত দিল্লীৰ পৰা অহা বিশেষ ৰাজধানী ৰেল

দীঘলীয়া যাত্ৰাৰ অন্তত অন্তিম স্থানত ২৬১জন যাত্ৰী নামে
ডিব্ৰুগড়ত উপস্থিত দিল্লীৰ পৰা অহা বিশেষ ৰাজধানী ৰেল
Published on

ডিব্ৰুগড়ত উপস্থিত দিল্লীৰ পৰা অহা বিশেষ ৰাজধানী ৰেল

অৱশেষত ডিব্ৰুগড়ত উপস্থিত হ'ল দিল্লীৰ পৰা অহা বিশেষ ৰাজধানী ৰেলখন ৷ যোৱা ১২মে'ত ডিব্ৰুগড় অভিমুখে যাত্ৰা আৰম্ভ কৰা ৰেলখনে আজি পুৱা ৭-৩০বজাত ডিব্ৰুগড় ৰেল ষ্টেচনত প্ৰৱেশ কৰে ।দীঘলীয়া যাত্ৰাৰ অন্তত অন্তিম স্থানত ২৬১জন যাত্ৰী নামে ৷ এই ২৬১যাত্ৰীৰ ৭৪জন ডিব্ৰুগড়ৰ, ১৯জন লখিমপুৰৰ, ৯৭জন তিনিচুকীয়াৰ, ২৮জন ধেমাজিৰ, পাঁচজন শিৱসাগৰৰ, চাৰিজন বিশ্বনাথৰ আৰু ২১ জন চৰাইদেউ জিলাৰ ৷ তদুপৰি ১৩জন চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৷ এই সম্পৰ্কত ৰেলৱেৰ এক সূত্ৰই জনোৱা মতে, লামডিং ষ্টেচনত ৰেলখন ত্যাগ কৰে ৪৪জন যাত্ৰীয়ে ৷ এই যাত্ৰীসকলৰ মাজত ১৬জন লামডিঙৰ, আঠজন হোজাইৰ, ছজন কাৰ্বি আংলঙৰ, সাতজন ডিমা হাছাউৰ, পাঁচজন বিশ্বনাথৰ আৰু এজন মৰিগাঁও জিলাৰ মোৰাঝাৰৰ ৷ এই যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ পাছত যাবলৈ দিয়া হয় ৷ এই বিশেষ ৰেলে যাত্ৰাৰ সময়ত অসমৰ পাঁচ ঠাইত ক্ৰমে কোকৰাঝাৰ, গুবাহাটী, লামডিং, মৰিয়নি আৰু ডিব্ৰুগড়ত ৰখায় ৷ 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com