ক'ৱিড-১৯ : দেশত আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ লকডাউন

ক'ৱিড-১৯ : দেশত আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ লকডাউন
Published on

ক'ৱিড-১৯ : দেশত আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ লকডাউন

ক'ৱিড-১৯ : দেশত আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ লকডাউন । দেশত ক'ৰ'না ভাইৰাছৰ শৃংখলা ভংগ কৰাৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত আৰোপ কৰা ৪০ দিনীয়া লক-ডাউনৰ পিছত আকৌ ঘোষণা কৰা হৈছে তৃতীয় পৰ্যায়ৰ লকডাউন ‌। এই সন্দৰ্ভত অসম চৰকাৰে কিছু শিথিলতা ঘোষণা কৰিছে।

ৰাজ্যৰ অধিকাংশ জিলা ক'ৱিড-১৯ৰ গ্ৰীণ মণ্ডল হোৱাৰ পৰিপ্ৰেক্ষিতত কিছু পৰিমাণে শিথিল কৰা হৈছে লকডাউন। অৱশ্যে ৰাজ্যৰ কিছুসংখ্যক জিলা যেনে‌ মৰিগাঁও, বঙাইগাঁও, ধুবুৰী আৰু গোৱালপাৰাত এই শিথিলতা নাথাকিব ।

দেওবাৰে এখন‌ সংবাদমেলত স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত লক-ডাউন শিথিল কৰাৰ উদ্দেশ্যে হ'ল ৰাজ্যত আৰ্থিক কাম-কাজ পুনৰ আৰম্ভ কৰা যাতে ক'ৱিড-১৯-এ কৰা ক্ষতি ৰোধ কৰিব পৰা যায়। তেওঁ কয় যে এই লক-ডাউনৰ সময়চোৱাত ১৭ মে'লৈ ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে। এই সান্ধ্য আইনৰ সময়চোৱাত কেৱল জৰুৰীকালীন সেৱাসমূহহে চলাচল কৰাৰ অনুমতি দিয়া হ'ব । এই অত্যাৱশ্যকীয় সেৱা সমূহৰ‌ ভিতৰত আছে অগ্নি-নিৰ্বাপক বাহিনী , এম্বুলেন্স, সংবাদ মাধ্যম আদি।

লক-ডাউনৰ সময়চোৱাত যি সকল লোকে মাস্ক আৰু সামাজিক দূৰত্ব মানি নচলে তেওঁলোকৰ বিৰুদ্ধে প্ৰশাসণ কঠোৰ হ'ব । স্বাস্থ্য সম্বন্ধীয় জৰুৰীকালীনৰ বাহিৰে আন কোনো কাৰণত ১২ বছৰৰ তলৰ শিশু আৰু ৬৫ বছৰৰ ওপৰৰ বৃদ্ধ ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব ।

শৰ্মাই কয় যে আজি সোমবাৰৰ পৰা ডাক্তৰ ক্লিনিক , ব্যক্তিগত চিকিৎসালয়, ব্যক্তিগত লেবছ আদিৰে পৰা খুলিব যদিও ৫ বজাৰ আগত বন্ধ কৰিব লাগিব।

তেওঁ কয় যে বাৰ, চেলুন , বিউটি পাৰ্লাৰ আদি খুলাৰ অনুমতি দিয়া নহয় যদিও বিউটিচিয়ান সকলে কোনো ব্যক্তিৰ ঘৰত গৈ সৌন্দৰ্য চৰ্চা কৰিব পাৰে।

তদুপৰি কিতাপৰ দোকানত খুলা থাকিব যদিও শ্বপিং মল, মাৰ্কেট কমপ্লেক্স আদি বন্ধ থাকিব । সাপ্তাহিক শাক পাচলি, মাছৰ বজাৰ সমূহ বন্ধ থাকিব । চৰ্ত সাপেক্ষে ৰেষ্টুৰেন্ট , চাহৰ দোকান , আইছ ক্ৰিমৰ দোকান আদি খুলিব পাৰিব যদিও তাত লৈ কোনো লোকে বস্তু খাব নোৱাৰিব । অনলাইন ফুড চাৰ্ভিছ যেনে চুইগী আজিৰে পৰা খুলিব ।

শৰ্মাই কয় যে অটোৰিক্সা, টেক্সী , ওলা ,উবেৰ আদি চলাব পাৰিব যদিও ড্ৰাইভাৰক বাদ দি দুজনতকৈ অধিক ব্যক্তি নিব নোৱাৰিব । তদুপৰি গুৱাহাটীৰ লগতে আন ঠাইতো কেৱল ৫০% যাত্ৰীৰ সৈতে বাছ চলাব পাৰিব ।

ৰাজ্যত গাহৰিৰ পৰা হোৱা বেমাৰৰ ছ'ৱাইনফ্লুৰ ওপৰত লক্ষ্য ৰাখি বেলেগ জিলাৰ পৰা অহা জীৱ-জন্তুৰ‌ বাহনক মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া নহয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com