আৰু ১৩জন পজিটিভ চিনাক্তঃ অসমত ক'ৱিড আক্ৰান্তৰ সংখ্যা ১৭০লৈ বৃদ্ধি

আজি আকৌ ১৩জন ক’ৰ’না আক্ৰান্ত চিনাক্ত কৰা হয়
আৰু ১৩জন পজিটিভ চিনাক্তঃ অসমত ক'ৱিড আক্ৰান্তৰ সংখ্যা ১৭০লৈ বৃদ্ধি
Published on

আৰু ১৩জন পজিটিভ চিনাক্তঃ অসমত ক'ৱিড আক্ৰান্তৰ সংখ্যা ১৭০লৈ বৃদ্ধি

অসমত ক'ৱিড-১৯মহামাৰী জনিত পৰিস্থিতি জটিল হৈয়ে আছে ৷ আজি আকৌ ১৩জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয় ৷ ফলত ৰাজ্যত ক'ৰতনা আক্ৰান্তৰ সংখ্যা ১৭০জনলৈ বৃদ্ধি পাইছে ৷ এই কথা সদৰী কৰি এটা টুইটত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, " ১৩জন নতুন ক'ৰ'না আক্ৰান্ত ধৰা পৰিছে ৷ ইয়াৰে আঠজন হোজাইৰ ৷ দুজন শোণিতপুৰৰ ৷ আন তিনিজনৰ এজন কামৰূপ(মহানগৰ)ৰ, এজন কামৰূপৰ আৰু আনজন নগাঁৱৰ ৷" সম্প্ৰতি ৰাজ্যত সক্ৰিয় ক'ৱিড পজিটিভৰ সংখ্যা ১১৫জন ৷ ইপিনে, আজি সাতজন ক'ৰ'না আক্ৰান্তই সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰমুৱা হয় ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com