ৰাজ্যত নতুন তিনিখন স্বায়ত্ব পৰিষদ গঠনৰ পথ প্ৰশস্ত

এই বিধেয়ক তিনিখন বিধানসভাত গৃহীত হোৱাৰ লগে লগে মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ পথ মুকলি হৈছে ৷
ৰাজ্যত নতুন তিনিখন স্বায়ত্ব পৰিষদ গঠনৰ পথ প্ৰশস্ত

ৰাজ্যত তিনিখন স্বায়ত্বশাসিত পৰিষদ গঠনৰ পথ প্ৰশস্ত হৈছে ৷ বৃহস্পতিবাৰে অসম বিধানসভাত নতুন স্বায়ত্বশাসিত পৰিষদ গঠন সম্পৰ্কীয় তিনিখন বিধেয়ক গৃহীত হয় ৷ বিৰোধীয়েও বিধেয়ক তিনিখনৰ প্ৰতি সমৰ্থন আগবঢ়ায় ৷ ইয়াৰ লগে লগে ৰাজ্যত তিনিখন নতুন স্বায়ত্বশাসিত পৰিষদ গঠনৰ পথ প্ৰশস্ত হয় ৷

কালি বিধানসভাত গৃহীত এই বিধেয়ক তিনিখন হৈছে মৰাণ স্বায়ত্বশাসিত পৰিষদ বিধেয়ক, মটক স্বায়ত্বশাসিত পৰিষদ বিধেয়ক আৰু কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ বিধেয়ক ৷ এই বিধেয়ক তিনিখন বিধানসভাত গৃহীত হোৱাৰ লগে লগে মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ পথ মুকলি হৈছে ৷ কালি সদনত বিধেয়ক তিনিখন উত্থাপন কৰি মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে এই বিধেয়ক তিনিখন গৃহীত হ'লে সংশ্লিষ্ট জনগোষ্ঠী কেইটা ক্ৰমে মৰাণ, মটক আৰু কোচ-ৰাজবংশী জনগোষ্ঠীৰ অধিক কল্যাণ সাধনৰ পথ মুকলি হ'ব ৷

অৱশ্যে বিৰোধী পক্ষই কমতাপুৰ নামটোক লৈ বিৰোধীস্থিতি গ্ৰহণ কৰে ৷ যিহেতু কোচ ৰাজবংশীসকলে পৃথক ৰাজ্য দাবী কৰি আহিছে, গতিকে স্বায়ত্বশাসিত পৰিষদখনৰ ক্ষেত্ৰত এনে এটা নাম সমীচীন হোৱা নাই বুলি বিৰোধী পক্ষই যুক্তি দিয়ে ৷ বিৰোধীৰ মত হ'ল যে পৰিষদখনৰ নাম কোচ-ৰাজবংশী স্বায়ত্বশাসিত পৰিষদ হোৱা উচিত ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com