Begin typing your search above and press return to search.

কেব-চিটিবাছৰ মহিলা যাত্ৰীলৈ সুখবৰ! টোল ফ্ৰী নম্বৰ মুকলি প্ৰশাসনৰ

কোনো লোকে বাছ অথবা কেবত অশালীন ব্যৱহাৰ কৰিলে ১৮১ নম্বৰত যোগাযোগ কৰিলে আহি উপস্থিত হ’ব সুৰক্ষাকৰ্মীৰ দল।

কেব-চিটিবাছৰ মহিলা যাত্ৰীলৈ সুখবৰ! টোল ফ্ৰী নম্বৰ মুকলি প্ৰশাসনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Aug 2020 5:37 AM GMT

কেব আৰু চিটিবাছত নিয়মীয়াভাবে অহা-যোৱা মহিলা যাত্ৰীলৈ এক বৃহত সকাহ! কামৰূপ(মহানগৰ) প্ৰশাসন আৰু জিলা প্ৰশাসনে এটা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। এই টোল ফ্ৰী নম্বৰত ফোন কৰি চিটিবাছ বা কেবত অশোভনীয় আচৰণ কৰা লোকৰ বিষয়ে যিকোনো মহিলাই কৰ্তৃপক্ষক খবৰ দিব পাৰিব।

কোনো লোকে বাছ অথবা কেবত অশালীন ব্যৱহাৰ কৰিলে ১৮১ নম্বৰত যোগাযোগ কৰিলে আহি উপস্থিত হ'ব সুৰক্ষাকৰ্মীৰ দল। তদুপৰি চাইল্ড লাইনক ১০৯৮ নম্বৰত, আৰক্ষীক ১০০ আৰু ২৫২২৮১ নম্বৰত যোগাযোগ কৰিলেও ৰুজু হ'ব গোচৰ। এই কথা সদৰী কৰিছে পৰিবহন বিভাগৰ বিষয়া বাপন কলিতাই। কলিতাই জনোৱা মতে, কেন্দ্ৰীয় চৰকাৰৰ শক্তিশালী কন্যা আৰু শক্তিশালী ৰাষ্ট্ৰৰ আধাৰত গ্ৰহণ কৰা হৈছে এই পদক্ষেপ।

পৰিবহন বিষয়াজনে কয় যে এই ব্যৱস্থাৰ অদীনত ১০০০ খন চিটী বাছ আৰু মহানগৰীৰ ১০ হাজাৰো অধিক বাণিজ্যিক বাহন পঞ্জীয়ন কৰা হৈছে। মঙলবাৰে পৰিবহণ বিষয়া কলিতাই মহানগৰীৰ বহু অটোৰিক্সা আৰু চিটীবাছত চলাই সজাগতামূলক কাৰ্যসূচী। আনহাতে, মহিলাক অশালীন ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হোৱা লোক কাৰাগাৰৰ অতিথিও হ'ব পাৰে।

Next Story
চাকৰি