অসমৰ পৰা মেঘালয় ভ্ৰমণলৈ যোৱা ব্যক্তিৰ শৰীৰত ক'ৰ'না ভাইৰাছ

ইয়াৰ লগে লগে মেঘালয়ত ক’ৱিড-১৯এক্টিভ ব্যক্তিৰ সংখ্যা ৪জনলৈ বৃদ্ধি পায় ৷
অসমৰ পৰা মেঘালয় ভ্ৰমণলৈ যোৱা ব্যক্তিৰ শৰীৰত ক'ৰ'না ভাইৰাছ
Published on: 

অসমৰ পৰা মেঘালয় ভ্ৰমণলৈ যোৱা এজন ব্যক্তিৰ শৰীৰত ওলাল মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছ। প্ৰাপ্ত তথ্য অনুসৰি এই ব্যক্তিজন চুবুৰীয়া পাহাৰীয়া ৰাজ্যখনৰ ৰিভ'ই জিলা ভ্ৰমণলৈ গৈছিল। তাত তেওঁৰ নমুনা পৰীক্ষা কৰা হয় ৷ এই নমুনা পৰীক্ষাত তেওঁৰ শৰীৰত অতি সংক্ৰামক ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ ইয়াৰ লগে লগে মেঘালয়ত ক'ৱিড-১৯এক্টিভ ব্যক্তিৰ সংখ্যা ৪জনলৈ বৃদ্ধি পায় ৷ এই কথা সদৰী টুইটাৰযোগে সদৰী কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com