চৌদিশে আতংকৰ সৃষ্টি কৰা ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে গুৱাহাটীৰ বৃদ্ধাৱাসৰ ১২গৰাকী বাসিন্দা ৷ প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীৰ মাদাৰ বৃদ্ধাৱাসৰ ১২গৰাকী বাসিন্দাৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ এই বৃদ্ধাৱাসত মুঠ ৬৭গৰাকী বয়সস্থ মহিলা বাস কৰে ৷ তেওঁলোকৰ মাজৰ ১২গৰাকী ক'ৰ'না পজিটিভ হৈছে। ইয়ে বহুতকে ম্ৰিয়মান কৰিছে ৷ ইয়াৰে সাতগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ভৰ্তি কৰা হৈছে ৷
আন পাঁচগৰাকী বৃদ্ধাৱাসতে আছুতীয়াকৈ আছে। উল্লেখ্য যে গুৱাহাটীত বৃদ্ধাৱাসৰ বাসিন্দা ক'ৰ'নাত আক্ৰান্ত হোৱাটো ইয়েই প্ৰথম ঘটনা ৷ এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ একাংশ বৃদ্ধাৱাসৰ বাসিন্দাই ভগৱানক প্ৰাৰ্থনা জনাবলৈ লৈছে ৷
আনহাতে, দ্য ছেণ্টিনেলক এম এম চি এইচৰ অধীক্ষক ডাঃ অনুপল শৰ্মাই কয়, " হৃদৰোগ, মধুমেহ, যকৃত বা বৃক্কৰোগ বয়সস্থ ব্যক্তিৰ মাজত সাধাৰণতে দেখা যায়। এনে এজন ব্যক্তি ক'ৰ'নাত আক্ৰান্ত হ'লে তেওঁৰ অৱস্থা অধিক জটিল হৈ পৰে। এনে ব্যক্তিৰ শৰীৰত অক্সিজেনৰ পৰিমাণ আৰু আন গুৰুত্বপূৰ্ণ পৰিমাপবোৰ নিৰীক্ষণত ৰখাৰ প্ৰয়োজন।" অনুৰূপ মন্তব্য কৰে জি এম চি এইচৰ অধীক্ষক ডঃ অভিজিত শৰ্মায়ো৷ ডাঃ শৰ্মাই কয় যে ক'ৰ'নাত আক্ৰান্ত হোৱা বয়সীয়াল মানুহক চিকিৎসালয়ত ভৰ্তি কৰোৱা উচিত ৷ এই ক্ষেত্ৰত লক্ষণ থাকক বা নাথাকক, সেয়া বিচাৰ কৰা উচিত নহয় ৷