Begin typing your search above and press return to search.

ধিতাইপুখুৰীলৈ গৌৰৱ কঢ়িয়ালে প্ৰিয়াক্ষী-উদিতা ইশানীয়ে

ছাত্ৰী দুগৰাকীৰ নাম প্ৰিয়াক্ষী বৰা আৰু উদিতা ইশানী কাকতি।

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-06-25T15:30:33+05:30

আজি ফলাফল ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত উজলিল শিৱসাগৰৰ ধিতাইপুখুৰী অঞ্চলৰ দুগৰাকী ছাত্ৰী। ছাত্ৰী দুগৰাকীয়ে স্থান লাভ কৰি উত্তীৰ্ণ হৈছে। দুয়ো নগাওঁ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী ৷ ছাত্ৰী দুগৰাকীৰ নাম প্ৰিয়াক্ষী বৰা আৰু উদিতা ইশানী কাকতি।

এই পৰীক্ষাত তৃতীয় স্থান লাভ কৰা প্ৰিয়াক্ষী বৰা শিৱসাগৰ জিলাৰ ধিতাইপুখুৰী বাকচুৰ জীৱন বৰা আৰু ভাৰতী বৰাৰ কন্যা ৷

প্ৰিয়াক্ষীয়ে মুঠ ৪৭১ নম্বৰ পাবলৈ সক্ষম হৈছে। তেওঁ ইংৰাজীত ৯১, অসমীয়াত ৯৮, অৰ্থনীতি বিজ্ঞানত ৯৪, ৰাজনীতি বিজ্ঞানত ৯৫, ভূগোলত ৯৪ আৰু শিক্ষাত ৯৫নম্বৰ পাবলৈ সক্ষম হৈছে।

আনহাতে, ধিতাইপুখুৰী বাকচু কোঁ‌চ গাঁৱৰ নিবাসী দেৱেন বৰা আৰু অঞ্জলি বৰা জী নাতিনী তথা কল্যাণী বৰাৰ কন্যা উদিতা ইশানী কাকতিয়ে সপ্তম স্থান দখল কৰিছে।

উদিতা ইশানীয়ে সৰ্বমুঠ ৪৬৯ নম্বৰ লাভ কৰিছে। তেওঁ ইংৰাজীত ৮৭, অসমীয়াত ৯৮, অৰ্থনীতি বিজ্ঞানত ৯৪, ৰাজনীতি বিজ্ঞানত ৯৫, সমাজতত্বত ৯৫ আৰু শিক্ষাত ৯১ নম্বৰ লাভ কৰিছে। দুয়োৰে হবি হৈছে পঢ়া আৰু নৃত্য কৰা। কৰিও

Next Story