Begin typing your search above and press return to search.

শিলিগুৰিৰ ৰেড লাইট অঞ্চলত গ্ৰেপ্তাৰ অসমৰ কিশোৰী অপহৰণকাৰী

পাছত অসহায়াগৰাকীক তেওঁ শিলিগুৰিলৈ লৈ যায় আৰু বুজন পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী কৰে।

শিলিগুৰিৰ ৰেড লাইট অঞ্চলত গ্ৰেপ্তাৰ অসমৰ কিশোৰী অপহৰণকাৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Aug 2020 5:33 AM GMT

প্ৰলোভনেৰে অসমৰ এগৰাকী কিশোৰীক অপহৰণ কৰা এগৰাকী মহিলাসহ দুজন লোক পশ্চিমবংগৰ শিলিগুৰিৰ ৰেড লাইট এৰিয়াত আৰক্ষীৰ জালত পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি ধৃত পুৰুষ মহিলাহালৰ পুৰুষজনৰ নাম ছফিউল্লাহ। তেওঁৰ ঘৰ গোৱালপাৰা জিলাত। আৰক্ষীয়ে জনোৱা মতে, প্ৰেমৰ ভুৱা প্ৰলোভনেৰে কিশোৰীগৰাকীক জানত পেলাই ছফিউল্লাহে উক্ত মহিলাগৰাকীৰ সহযোগত অপহৰণ কৰে।

পাছত অসহায়াগৰাকীক তেওঁ শিলিগুৰিলৈ লৈ যায় আৰু বুজন পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী কৰে। আৰক্ষীয়ে প্ৰথমে ছফিউল্লাহক গ্ৰেপ্তাৰ কৰে। তেওঁ জেৰাত প্ৰকাশ কৰা তথ্যৰ ভিত্তিত কিশোৰীগৰাকীক উদ্ধাৰ কৰে। পাছত ছফিউল্লাহৰ সহযোগী মহিলাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আজি ধৃত পুৰুষ-মহিলাগৰাকীক আৰক্ষীয়ে আদালতত হাজিৰ কৰাব।

আৰু পঢ়িব পাৰেঃ মূহূৰ্ততে লাখ পতি হ'ল শ্ৰমিক, পালে মহামূল্যবান হীৰাৰ টুকুৰা

Next Story
চাকৰি