ক'ৰ'নাত আক্ৰান্ত হ'ল আলফাৰ বোমা বিশেষজ্ঞ অমৃত বল্লভ গোস্বামী

ক'ৰ'নাত আক্ৰান্ত হ'ল আলফাৰ বোমা বিশেষজ্ঞ অমৃত বল্লভ গোস্বামী

গোস্বামী গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অৱস্থাত ক'ৰ'নাত আক্ৰান্ত হয়।
Published on

ক'ৰ'না পজিটিভ হ'ল আলফাৰ কাৰাৰুদ্ধ বোমা বিশেষজ্ঞ অমৃত বল্লভ গোস্বামী। প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে গোস্বামীৰ ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায়। এই প্ৰতিবেদনৰ ফলাফল অনুসৰি তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।  গোস্বামী গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে। এই সম্পৰ্কত উক্ত কাৰাগাৰৰ এজন বিষয়াই দ্যা ছেণ্টিনেল ডিজিটেলক কয়, " কালি কাৰাগাৰত ৰেপিড এণ্টিজেন পৰীক্ষা কৰা হয়। যোৱা বছৰ গুৱাহাটীৰ জু-ৰোডৰ গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত অমৃত বল্লভ গোস্বামীৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। তদুপৰি কৃষক মুক্তিৰ ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালো পজিটিভ হৈছে"। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com