আজিৰে পৰা ৰাজ্যত আৰম্ভ আনল'ক ১.০ !

আজিৰে পৰা ৰাজ্যত আৰম্ভ আনল'ক ১.০ !
Published on: 

আজি সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে আনল'ক ১.০। এই সময়চোৱাত ৰাজ্যৰ বিভিন্ন স্থান সাধাৰণ অৱস্থালৈ ঘূৰি আহিব । কিন্তু কনটেইনমেন্ট জ'ন‌সমূহত এয়া প্ৰযোজ্য নহ'ব।

অসমৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা নীতি-নিৰ্দেশনা সমূহ হ'ল---

১) ধৰ্মীয় অনুষ্ঠান আদি খুলিব যদিও প্ৰতি ঘন্টাত ২০ জন ব্যক্তিহে প্ৰৱেশ কৰিব পাৰিব । যদি কোনো ধৰ্মীয়স্থলীৰ ঠাই কম তেন্তে মন্দিৰ কতৃপক্ষই ইয়াৰ ভক্তৰ সমাগমৰ সংখ্যা হ্ৰাস কৰিব। সকলো ধৰণৰ ধৰ্মীয় প্ৰতিষ্ঠানত ডিজিটেল ট'কেনৰ ব্যৱস্থা কৰা হ'ব।

২) হোটেল, ৰেষ্টুৰেন্ট আদি খুলিব যদিও সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব।

৩) শ্বপিং মলসমূহ খুলিব পাৰিব যদিও সামাজিক দূৰত্ব মানি চলিব লাগিব।

উল্লেখযোগ্য যে দেশত ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ সংখ্যা বৃদ্ধি পাই আছে। অসমতো বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ সংখ্যা। অসমত ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ সংখ্যা প্ৰায় ২৬৯৩ জন । তদুপৰি বৰ্তমান অসমত সক্ৰিয় ক'ৰ'না ৰোগীৰ সংখ্যা ২০৫০ জন । ইতিমধ্যে এই ভাইৰাছৰ সংক্ৰমণত ৰাজ্যত ৪ জন লোকৰ মৃত্যু হৈছে।