উদণ্ড যুৱকৰ উদ্ভণ্ডালিঃ কৰ্তব্যৰত আৰক্ষী বিষয়াক আক্ৰমণ

তেওঁ হুলস্থূল কৰি থকা একাংশ যুৱকক নিয়ন্ত্ৰণৰ চেষ্টা কৰোঁতে এজন যুৱকে তেওঁক কোনো কথা অৱতাৰণা নকৰাকৈ নাকত ঘোচা মাৰে।
উদণ্ড যুৱকৰ উদ্ভণ্ডালিঃ কৰ্তব্যৰত আৰক্ষী বিষয়াক আক্ৰমণ
Published on

এজন উদণ্ড যুৱকৰ ঘোচাত আহত হ'ল এজন আৰক্ষী বিষয়া ৷ যুৱকজনে আৰক্ষী বিষয়াজনক নাকত ঘুচিওৱাত তেওঁৰ নাকেৰে তেজ ওলায়। ঘটনাৰ পাছতে আৰক্ষীয়ে কে'বাজনো যুৱকক আটক কৰে ৷  ইণ্টাৰনেটত শ্বেয়াৰ হোৱা এটা ভিডিঅত দেখিবলৈ পোৱা মতে, অসমৰ এঠাইৰ এটা পূজা মণ্ডপৰ ওচৰত যুৱকজনে আৰক্ষী বিষয়াজনক আক্ৰমণ কৰে।

আৰক্ষী বিষয়াজনে অভিযোগ কৰা অনুসৰি তেওঁ  হুলস্থূল কৰি থকা একাংশ যুৱকক নিয়ন্ত্ৰণৰ চেষ্টা কৰোঁতে এজন যুৱকে তেওঁক কোনো কথা অৱতাৰণা নকৰাকৈ  নাকত ঘোচা মাৰে। আনহাতে, মঙলবাৰে  নিশা লতাশিল আৰক্ষী থানাৰ আৰক্ষীৰ লগত এজন ফাষ্ট ফুড ৰেস্তোঁৰা ব্যৱসায়ীৰ কাজিয়া হয়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com