Begin typing your search above and press return to search.

বাৰিষাৰ প্ৰাকক্ষণত ৰাজ্যত ৪৮ টা মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ

embankment schemesembankment schemes

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 May 2020 6:17 AM GMT

বাৰিষাৰ প্ৰাকক্ষণত ৰাজ্যত ৪৮ টা মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ। ক'ৰ'না মহামাৰী ৰোধৰ উদ্দেশ্য দেশজুৰি ঘোষণা কৰা হয় লকডাউন । প্ৰথম পৰ্যায়ৰ পৰা ৰাজ্যত বন্ধ হোৱা ৪৮ টা মথাউৰি নিৰ্মাণৰ কাৰ্য আকৌ আৰম্ভ কৰিছে জলসম্পদ বিভাগে । "ষ্টেট ৱন প্ৰায়ৰিটী ডেভেলপমেন্ট ফাল্ড ডেমেজ ৰিপেয়াৰিং' আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন ঠাইৰ মথাউৰিসমূহ মেৰামতি তথা পুণৰ মেৰামতি, সুৰক্ষা কৰা হ'ব ।।

ইতিমধ্যে এই সময়ছোৱাত বিভাগটোৰ কাম-কাজৰ ক্ষেত্ৰত ৩০ দিনৰ ক্ষতি হৈছে। তদুপৰি ক'ৰ'না প্ৰতিৰোধৰ নীতি-নিৰ্দেশনাৰ ফলত এই প্ৰকল্পৰ কাম তীব্ৰ গতিত কৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে বিভাগটো।

ইতিমধ্যে বৰষুণৰ বতৰ আৰম্ভ হৈছে । যদি ইয়াৰ কাম সোনকালেই আৰম্ভ কৰা নহয় তেন্তে ৰাজ্যৰ লোক সকল বহু সমস্যাৰ সন্মুখীন হ'ব পাৰে । সাধাৰণতে জুনৰ শেষত আৰু জুলাই মাহৰ প্ৰথম ভাগত বানপানীৰ সময় আৰম্ভ সময় ।

জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কয় যে যদিও মথাউৰিৰ কাম আৰম্ভ কৰা হৈছে তথাপি বৰষুণৰ বাবে কিছু বাধা আহিছে । তদুপৰি কোভিড-১৯ ৰ নীতি নিৰ্দেশনাৰ বাবে কম সংখ্যক ঠিকাদাৰ কৰ্মকৰ্তাই হে কাম কৰিব পাৰিছে । তেওঁ কয় যে মূল যোজনা অনুসৰি কাম কৰিলে এতিয়ালৈকে এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হলহেতেন । তেওঁ কয় যে ইতিমধ্যে ঠিকাদাৰ সকলক এই প্ৰকল্পৰ কাম ১৫-২০ দিনৰ ভিতৰত সমাপ্ত কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে।

২০১৯ চনৰ বানপানীৰ সময়ত যেতিয়া ৰাজ্যৰ বহু কেইটা মথাউৰিৰ ক্ষতি সাধন হৈছিল তাৰ বাবদ ৰাজ্য চৰকাৰে উল্লেখিত যোজনাৰ বাবে ৬০৭ কোটি টকা আবন্টন কৰিছিল ।‌ প্ৰভাৱিত জিলা সমূহৰ ভিতৰত আছিল বৰপেটা, বাক্সা , বিশ্বনাথ, কাছাৰ , দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ, কামৰূপ (এম), কাৰ্বি আংলং, কৰিমগঞ্জ, লখিমপুৰ, মাজুলী , মৰিগাঁও, নলবাৰী, নগাঁও, শিৱসাগৰ, আৰু শোণিতপুৰ।


অন্য খবৰৰ বাবে পঢ়ক: কাশ্মীৰৰ অৱন্তিপ'ৰাত তুমুল সংঘৰ্ষঃ ফান্দত দুৰ্দষ সন্ত্ৰাসবাদী নেতা

ভিডিঅ প্ৰতক্ষ্য কৰক: Live: Tarun Gogoi in an exclusive conversation with Oineetom Ojah only on Sentinel Assam


Next Story