জাতি শ্ৰেষ্ঠত্বৰ ভ্ৰমে আমাক বিপথে পৰিচালিত কৰিছে, ইয়াক একাষৰীয়া কৰিব লাগিব: মোহন ভাগৱত

জাতি শ্ৰেষ্ঠত্বৰ ভ্ৰমে আমাক বিপথে পৰিচালিত কৰিছে, ইয়াক একাষৰীয়া কৰিব লাগিব: মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে দেওবাৰে কয় যে এজন ব্যক্তিৰ নাম, সামৰ্থ্য আৰু সন্মান যিয়েই নহওক কিয়, সকলোৱে একে আৰু কোনো পাৰ্থক্য নাই।
Published on

মুম্বাইঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে দেওবাৰে কয় যে এজন ব্যক্তিৰ নাম, সামৰ্থ্য আৰু সন্মান যিয়েই নহওক কিয়, সকলোৱে একে আৰু কোনো পাৰ্থক্য নাই। সন্ত শিৰোমণি ৰোহিদাসৰ ৬৪৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৰবীন্দ্ৰ নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ভাষণ দি ভাগৱতে কয়, "সত্য ঈশ্বৰ। নাম, সামৰ্থ্য আৰু সন্মান যিয়েই নহওক কিয়, সকলোৱে একে আৰু কোনো পাৰ্থক্য নাই। কিছুমান পণ্ডিতে শাস্ত্ৰৰ ভিত্তিত যি কয় সেয়া মিছা।"জাতিগত শ্ৰেষ্ঠত্বৰ ভ্ৰমে আমাক বিপথে পৰিচালিত কৰা হৈছে আৰু এই ভ্ৰমক একাষৰীয়া কৰিব লাগিব।'-তেওঁ লগতে কয়।

মোহন ভাগৱতে কয় যে দেশত বিবেক আৰু চেতনা সকলো একে, আৰু কেৱল মতামত বেলেগ বেলেগ। আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয় যে সন্ত ৰোহিদাসৰ উচ্চতা তুলসীদাস, কবীৰ আৰু সুৰদাসতকৈও বেছি, যাৰ বাবে তেওঁক সন্ত শিৰোমণি বুলি গণ্য কৰা হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com