Begin typing your search above and press return to search.

দীৰ্ঘদিনীয়া লকডাউনঃ প্ৰচুৰ ক্ষতিৰ সন্মুখীন ৰাজ্যৰ সৌন্দৰ্য চৰ্চা খণ্ড

গভীৰ সমস্যাত পৰিছে বিউটী পাৰ্লাৰ আৰু সৌন্দৰ্য চৰ্চা কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰীসকলৰ লগতে কৰ্মচাৰীসকল

দীৰ্ঘদিনীয়া লকডাউনঃ প্ৰচুৰ ক্ষতিৰ সন্মুখীন ৰাজ্যৰ সৌন্দৰ্য চৰ্চা খণ্ড

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 May 2020 8:18 AM GMT

দীৰ্ঘদিনীয়া লকডাউনঃ প্ৰচুৰ ক্ষতিৰ সন্মুখীন ৰাজ্যৰ সৌন্দৰ্য চৰ্চা খণ্ড

দীৰ্ঘদিনীয়া লকডাউনৰ ফলত প্ৰচুৰ ক্ষতিৰ সন্মুখীন হৈছে ৰাজ্যৰ সৌন্দৰ্য চৰ্চা খণ্ড। কৰ'না মহামাৰী প্ৰতিৰোধৰ বাবে ঘোষণা কৰা এই লকডাউনৰ ফলত

গভীৰ সমস্যাত পৰিছে বিউটী পাৰ্লাৰ আৰু সৌন্দৰ্য চৰ্চা কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰীসকলৰ লগতে কৰ্মচাৰীসকল ৷ পৰিয়ালৰ ভৰণ-পোষণ দিয়াত জটিল সমস্যা সন্মুখীন হৈছে এই আত্মনিৰ্ভৰশীল লোকসকল৷

এই সন্দৰ্ভত গুৱাহাটীৰ ৰাজগড় ৰোডত অৱস্থিত ইমাজিক বিউটী ক্লিনিক এণ্ড ট্ৰেইনিং ইনষ্টিচিউটৰ স্বত্বাধিকাৰী তথা বিখ্যাত সৌন্দৰ্য চৰ্চাবিদ মালা মহন্তই ভূঞাই কয় যে লকডাউনৰ সময়ছোৱাত তেওঁলোকৰ যথেষ্ট ক্ষতি হৈছে ৷ বিশেষকৈ কৰ্মৰত কৰ্মচাৰীসকল ভিতৰুৱা অঞ্চলৰ আছিল ৷ তেওঁলোকে এই বৃত্তিৰে পৰিয়াল পোহপাল দি আছিল ৷

অসমৰ বিভিন্ন প্ৰান্তত ৪ হাজাৰতকৈও অধিক মহিলা বিউটি পাৰ্লাৰ আছে য'ত ৩০ হাজাৰতকৈও অধিক মহিলা-যুৱতীয়ে কাম কৰি জীৱিকা অৰ্জন কৰি আছে ৷ এতিয়া তেওঁলোক ঘৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছে৷

মহন্তই জনায় যে তেওঁৰ প্ৰতিষ্ঠানৰ পৰা ৭ হাজাৰ যুৱতীয়ে বিউটি পাৰ্লাৰত কাম কৰিব পৰাকৈ প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু বিভিন্ন জিলাত তেওঁলোক সংস্থাপিত হৈ আছে ৷

তেওঁ চৰকাৰক অনুৰোধ জনাই যে কিবা প্ৰকাৰে যদি তেওঁলোকে এই ব্যৱসায় পুনৰ আৰম্ভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰি দিব লাগে ৷ অন্যথা অধিক সমস্যাৰ সন্মুখীন হ'ব এইসকল যুৱক-যুৱতী৷

একেদৰে SKETCH ৰ স্বত্বাধিকাৰী তথা wellness & parlour association ৰ সম্পাদক অচিন্ত প্ৰাণ শৰ্মাই কয় লকডাউনৰ সময়ছোৱাত তেওঁলোকৰ ব্যৱসায়িক দিশত প্ৰচুৰ ক্ষতি হৈছে ৷ কৰ্মচাৰীৰ দৰমহা , বেঙ্কৰ ঋণ , ভাড়া আদায়ৰ ক্ষেত্ৰত সম্প্ৰতি লকডাউনে যথেষ্ট সমস্যা সৃষ্টি কৰিছে৷

ৰাজ্যৰ বহুকেইখন জিলাত SKETCH শাখা আছে য'ত ৬৪ জন থলুৱা অসমীয়া যুৱক যুৱতী জড়িত হৈ আছে ৷ এই যুৱক-যুৱতী সকল গাঁৱৰ ভিতৰৰ অঞ্চলৰ। এই কৰ্মৰ দ্বাৰা তেওঁলোকে পৰিয়ালক ভৰণ-পোষণ দি আহিছে৷এই লকডাউনৰ সময় ছোৱাত বহু অভাৱত পৰিছে এই উদ্যমী যুৱক-যুৱতীসকল৷

প্ৰতিটো শাখাতে ১ লাখকৈ প্ৰডাক্ট লোকচান হব লগা হৈছে ৷ তাৰ উপৰি ঘৰ ভাড়া বিচাৰি মালিকে হেঁচা আৰোপ কৰিবলৈ লৈছে বুলি শৰ্মাই জনায়৷

বন্ধৰ সময়ছোৱাত কৰ্মচাৰীসকলক ২ মাহত ৫০% কৈ দৰমহা দি চলাব লগীয়া হৈছে ৷ সকলো সমস্যা সামাধান বিচাৰি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ দাখিল কৰে বুলি তেওঁ জানিবলৈ দিয়ে ৷

আৰু পঢ়িব পাৰেঃ অসমত আৰু ২ জনৰ শৰীৰত ক'ৰ'না ভাইৰাছঃ মুঠ আক্ৰান্তৰ সংখ্যা ২১৪ লৈ বৃদ্ধি

Next Story