বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত ধুবুৰীৰ যুৱক

আঘাতপ্ৰাপ্ত ব্যক্তি গৰাকীক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু বনৰীয়া হাতীটোক জঙ্ঘলৰ দিশে খেদি পঠিওৱা হয়
বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত ধুবুৰীৰ যুৱক
Published on

বনৰীয়া হাতীৰ আক্ৰমণত কোনোমতে প্ৰাণ ৰক্ষা পৰিছে অসমৰ, ধুবুৰী জিলাৰ এগৰাকী যুৱকৰ।

অসমৰ, ধুবুৰী জিলাত এই অকল্পনীয় ঘটনা সংঘটিত হয় যোৱা শনিবাৰে, ১৮ ডিচেম্বৰ ২০২১তাৰিখে। ধুবুৰী জিলাৰ তামৰহাট অঞ্চলত এগৰাকী ৩০বছৰীয়া লোকক এটা বন্য হস্তীয়ে খেদা মাৰি লৈ যায় আৰু আৰু পৰবৰ্তী সময়ত লোক গৰাকীৰ প্ৰাণে মৰাৰ প্ৰচেষ্টা চলাই। উল্লেখযোগ্য যে, এই ঘটনাত প্ৰাণ ৰক্ষা পৰে যদিও গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে ব্যক্তি গৰাকী। আঘাতপ্ৰাপ্ত ব্যক্তি গৰাকীক চিকিৎসাৰ বাবে ততাতয়াকৈ লৈ যোৱা হয় স্থানীয় চিকিৎসালয়লৈ।

অঞ্চলটোৰ এগৰাকী বন বিষয়াই জানিবলৈ দিয়ে যে, "আঘাতপ্ৰাপ্ত ব্যক্তি গৰাকীক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু বনৰীয়া হাতীটোক জঙ্ঘলৰ দিশে খেদি পঠিওৱা হয়।"

স্থানীয় লোকে এই ভিডিঅ' নিজৰ ফোন যোগে সংগ্ৰহ কৰে। এই দেখিবলৈ পোৱা গৈছে এগৰাকী ব্যক্তিক এটা বনৰীয়া হাতীয়ে খেদি লৈ যোৱা। কিছু সময়ৰ পাছত ব্যক্তি গৰাকীক ধানৰ খেতিৰ মাজত পৰি যোৱা দেখিবলৈ পোৱা যায়, যাৰ পাছতেই হাতীটোৱে আক্ৰমণ কৰে ব্যক্তি গৰাকীক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com