লকডাউনঃ নাগৰিকৰ মতামত ৰূপায়নৰ চেষ্টা কৰিব অসম চৰকাৰে

যিবোৰ মতামত ৰূপায়নযোগ্য, সেই মতামতসমূহ গ্ৰহণৰ চেষ্টা কৰিব চৰকাৰে।
লকডাউনঃ নাগৰিকৰ মতামত ৰূপায়নৰ চেষ্টা কৰিব অসম চৰকাৰে
Published on

ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য ঘোষিত তলাবন্ধ বা লক-ডাউন প্ৰত্যাহাৰৰ ক্ষেত্ৰত জনতাৰ মতামত গ্ৰহণৰ চেষ্টা কৰিব অসম চৰকাৰে। এই কথা সদৰী কৰি শুকুৰবাৰে এটা টুইটত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কয় যে ৰাইজে আগবঢ়োৱা যিবোৰ মতামত ৰূপায়নযোগ্য, সেই মতামতসমূহ গ্ৰহণৰ চেষ্টা কৰিব চৰকাৰে। ইয়াৰ পূৰ্বে মুখ্য সচিবে তলাবন্ধ প্ৰত্যাহাৰ সন্দৰ্ভত মতামত বিচাৰি টুইট কৰিছিল। ইয়াৰ প্ৰতি সঁহাৰি জনাই বহু লোকে প্ৰস্তাৱিত আন-লক সন্দৰ্ভত মন্তব্য কৰে।এই কথা সদৰী কৰি মুখ্য সচিব সঞ্জয় কৃষ্ণই এটা টুইটত কয়, " ২৪ ঘণ্টাত প্ৰায় ১৪০০ মতামত লাভ কৰিলো।

গঠনমূলক মতামত আগবঢ়োৱা প্ৰতিজন ব্যক্তিলৈ ধন্যবাদ জনালো। ৰূপায়নযোগ্য মতামতসমূহ গ্ৰহণৰ চেষ্টা কৰিম"।আনহাতে, স্বাস্থ্য  মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি শেহতীয়াভাবে ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২১,৮৬৪জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰীয়ে জনোৱা মতে, ৰাজ্যত নতুনকৈ ১,২১৮ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত হৈছে।ফলত এনেদৰে ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। সম্প্ৰতি ৰাজ্যত এক্টিভ ক'ৰ'না পজিটিভৰ সংখ্যা ৭,৭০৫জন হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com