১৫জুনৰ পৰা পুনৰ আৰম্ভ হ'ব পাৰে দশম-দ্বাদশ শ্ৰেণীৰ পাঠদানঃ মন্ত্ৰী শৰ্মা

কিন্তু দশম আৰু দ্বাদশ শ্ৰেণীৰ পুনৰ পাঠদান অহা ১৫ জুনৰ পৰা আৰম্ভ কৰিবলৈ চেষ্টা কৰিম
১৫জুনৰ পৰা পুনৰ আৰম্ভ হ'ব পাৰে দশম-দ্বাদশ শ্ৰেণীৰ পাঠদানঃ মন্ত্ৰী শৰ্মা

১৫জুনৰ পৰা পুনৰ আৰম্ভ হ'ব পাৰে দশম-দ্বাদশ শ্ৰেণীৰ পাঠদানঃ মন্ত্ৰী শৰ্মাৰ ইংগিত

ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাবৰ পৰিপ্ৰেক্ষিতত বন্ধ ৰখা বিদ্যালয়সমূহৰ পুনৰ পাঠদান আৰম্ভ কৰাৰ ইংগিত দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আজি এখন সংবাদমেলত শিক্ষা বিভাগৰো দায়িত্বত থকা মন্ত্ৰীজনে কয় যে অহা ১৫জুনৰ পৰা বিদ্যালয়সমূহৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ চেষ্টা কৰিব চৰকাৰে ৷ " ১ জুনৰ পৰাই বিদ্যালয়সমূহৰ পাঠদান পুনৰ আৰম্ভ হ'ব বুলি এই মুহূৰ্তত ক'ব নোৱাৰো ৷ কিন্তু দশম আৰু দ্বাদশ শ্ৰেণীৰ পুনৰ পাঠদান অহা ১৫ জুনৰ পৰা আৰম্ভ কৰিবলৈ চেষ্টা কৰিম," মন্ত্ৰী শৰ্মাই এইদৰে কয় ৷ সংবাদমেলত তেও আৰু কয় যে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ অনুমোদনলৈ অপেক্ষা কৰিব ৷ অৱশ্যে কেন্দ্ৰৰ নিৰ্দেশ যিয়েই নহওক, ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ৷

ইপিনে, মন্ত্ৰী শৰ্মাই কয় যে তলাবন্ধৰ ফলত ৰাজ্যৰ দুই লক্ষ লোক দেশৰ বিভিন্ন স্থানত আবদ্ধ হৈ পৰে। ইয়াৰে এক লাখ অসমত উপস্থিত হৈছে। বাকী থকা এক লাখ লোকো অসম অভিমুখে ৰাওনা হৈছে বুলি তেওঁ জনায়। মন্ত্ৰীজনে লগতে কয় যে গৃহাভিমুখী হবলৈ বহিঃৰাজ্যত আবদ্ধ অসমৰ দুই লাখ লোকে চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰায়। ইয়াৰে এক লাখ লোক ইতিমধ্যে অসমত উপস্থিত হৈছে। অৱশ্যে তলাবন্ধ শিথিল কৰি দিয়াৰ ফলত উদ্যোগ-প্ৰতিষ্ঠানসমূহ মুকলি হবলৈ ধৰাত বহিঃৰাজ্যৰ পৰা ঘৰলৈ আহিবলৈ বিচৰা লোকৰ সংখ্যা হ্ৰাস পাব বুলি মন্ত্ৰীজনে আশা প্ৰকাশ কৰে। আনহাতে, তেওঁ কয় যে আজিৰ পৰা দ্বাদশ শ্ৰেণীৰ বিনামূলীয়া কিতাপ বিতৰণ আৰম্ভ হৈছে। তদুপৰি অহা১০ জুনৰ পৰা ১০-১২ শ্ৰেণী আৰম্ভ কৰাৰ চিন্তা কৰা হৈছে বুলিও মন্ত্ৰী শৰ্মাই সদৰী কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com