কন্যাসকলৰ বিবাহৰ বাবে নিম্নতম বয়স ১৮ ৰ পৰা ২১: প্ৰস্তাৱটোৰ অনুমোদন জনালে কেবিনেটে
প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা বছৰ স্বাধীনতা দিৱসৰ ভাষণত এই প্ৰস্তাৱৰ বিষয়ে উল্লেখ কৰিছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই পৰিকল্পনাৰ পৰ্যালোচনা চলি আছে বুলি কোৱাৰ এবছৰ পিছত বুধবাৰে কেন্দ্ৰীয় কেবিনেটে কন্যাসকলৰ বিবাহৰ নিম্নতম বয়স ১৮ ৰ পৰা ২১ লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱটো অনুমোদন জনায়ছে।
২০২০ চনৰ আগষ্ট মাহত লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে কন্যাসকলক পুষ্টিহীনতাৰ পৰা ৰক্ষা কৰিবলৈ তেওঁলোকে সঠিক সময়ত বিবাহ পাশত আৱদ্ধ হোৱাটো প্ৰয়োজনীয়।
বৰ্তমান, পুৰুষৰ বাবে বিবাহৰ নিম্নতম বয়স ২১ আৰু মহিলাৰ বাবে ১৮ বছৰ। এতিয়া, চৰকাৰে নতুন প্ৰস্তাৱটোক এক ৰূপ দিবলৈ বাল্য বিবাহ প্ৰতিৰোধ আইন, বিশেষ বিবাহ আইন আৰু হিন্দু বিবাহ আইনত সংশোধনী আনিব।
নীতি আয়োগত জয়া জেটলীৰ নেতৃত্বত টাস্ক ফ'ৰ্চে প্ৰস্তাৱটো পৰামৰ্শ দিছিল। শিশু ৰোগ বিশেষজ্ঞ ভি কে পলও টাস্ক ফ'ৰ্চৰ এটা অংশ আছিল।
তেওঁলোকৰ উপৰিও স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, মহিলা আৰু শিশু বিকাশ, উচ্চ শিক্ষা, বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা মিছন আৰু ন্যায় আৰু আইন মন্ত্ৰালয়ৰ সচিবসকলও টাস্ক ফ'ৰ্চৰ অংশ আছিল।
টাস্ক ফ'ৰ্চটো ২০২০ চনৰ জুনমাহত গঠন কৰা হৈছিল আৰু একে বছৰৰ ডিচেম্বৰত ইয়াৰ প্ৰতিবেদন দিছিল। টাস্ক ফৰ্চে কৈছিল যে তেওঁলোকৰ প্ৰথম সন্তান জন্ম দিয়াৰ সময়ত মহিলাসকলৰ নিম্নতম বয়স ২১ হ'ব লাগে।
"মই স্পষ্ট কৰিব বিচাৰো যে এই পৰামৰ্শৰ আঁৰত থকা আমাৰ যুক্তি কেতিয়াও জনসংখ্যা নিয়ন্ত্ৰণ নহয়। ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপৰ দ্বাৰা প্ৰকাশিত শেহতীয়া তথ্যই ইতিমধ্যে দেখুৱাইছে যে মুঠ উৰ্বৰতাৰ হাৰ হ্ৰাস পাইছে আৰু জনসংখ্যা নিয়ন্ত্ৰণত আছে। ইয়াৰ আঁৰৰ ধাৰণাটো (পৰামৰ্শ) হৈছে মহিলাৰ সৱলীকৰণ,"। জেটলীয়ে কয় ।
আৰু পঢ়ক:ইনষ্টাগ্ৰাম ৰীল শ্বুটিং কৰোঁতে দুৰ্ঘটনাক্ৰমে মৃত্যু এজন ১৬ বছৰীয়া কিশোৰৰ