জুবীন গাৰ্গক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ নলবাৰীৰ যুৱক

জুবীন গাৰ্গক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ নলবাৰীৰ যুৱক

দুপৰি তেওঁ শিল্পীগৰাকীৰ পত্নীক উদ্দেশ্যি কেতবোৰ আপত্তিজনক তথা অশালীন মন্তব্য কৰে।
Published on

জনপ্ৰিয় সংগীত শিল্পী জুবীন গাৰ্গৰ শেহতীয়া স্থিতিক লৈ তুমুল বিতৰ্ক অব্যাহত থকাৰ সময়তে শিল্পীগৰাকীক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ হৈছে নলবাৰীৰ এজন যুৱক। অভিযোগ অনুসৰি নলবাৰীৰ মুকালমুৱাৰ নয়ন নিবিৰ বৈশ্য নামৰ যুৱকজনে ফে'চবুকত জুবীনক গুলীয়াই হত্যা কৰাৰ ভাবুকি দি আপডেট দিয়ে।

তেওঁ অহা ২ ছেপ্টেম্বৰত জুবীনক হত্যাৰ ভাবুকি দিয়ে। তদুপৰি তেওঁ শিল্পীগৰাকীৰ পত্নীক উদ্দেশ্যি কেতবোৰ আপত্তিজনক তথা অশালীন মন্তব্য কৰে। ইয়াক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি যুৱকজনক গ্ৰেপ্তাৰ কৰে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com