বানাক্ৰান্তৰ বাবে ইউটিউবাৰ ডিম্পু বৰুৱাৰ ৪৩ হেজাৰ টকা সংগ্ৰহ

তদুপৰি তেওঁ নিজৰ ফালৰ পৰাও কিছু ধন সাহায্য হিচাপে বানাক্ৰান্তলৈ আগবঢ়াব।
বানাক্ৰান্তৰ বাবে ইউটিউবাৰ ডিম্পু বৰুৱাৰ ৪৩ হেজাৰ টকা সংগ্ৰহ

সামাজিক দায়িত্বৰ পৰিচয় দাঙি ধৰি জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে সংগ্ৰহ কৰিলে ৩৪হেজাৰ টকা। যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় ইউটিউব চেনেলৰ জৰিয়তে এক লাইভ ষ্টিমিং কৰি তেওঁ এই ধন সংগ্ৰহ কৰিলৈ সক্ষম হয়। বৰুৱাৰ পূৰ্বে দেশৰ এজন বিখ্যাত ইউটিউবাৰ কেৰী মিনাটিয়ে ইউটিউবত লাইভ ষ্টিমিঙৰ জৰিয়তে অসম আৰু বিহাৰৰ বানাক্ৰান্তৰ বাবে সাহায্য আগবঢ়াবলৈ ধন সংগ্ৰহ কৰে। সম্প্ৰতি বৰুৱাই কয় যে তেওঁ সংগ্ৰহ কৰা এই সাহায্যৰ ধন ৪৩টা বানাক্ৰান্ত পৰিয়ালক প্ৰদান কৰিব।তদুপৰি তেওঁ নিজৰ ফালৰ পৰাও কিছু ধন সাহায্য হিচাপে বানাক্ৰান্তলৈ আগবঢ়াব।

উল্লেখ্য কেৰী মিনাটি ওৰফে অজয় নাগেৰে ইউটিউবত লাইভ ষ্টিমিঙৰ জৰিয়তে অসম আৰু বিহাৰৰ বানাক্ৰান্তৰ বাবে ১১লাখ টকা সংগ্ৰহ কৰে।অসমৰ বানাক্ৰান্তলৈ সাহায্য আগবঢ়াবলৈ বলিউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহামসহ বহু বিখ্যাত ব্যক্তিয়ে আহ্বান জনাইছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com