Begin typing your search above and press return to search.

জুবিন গাৰ্গ-পত্নী গৰিমা ক'ৱিড-১৯ নিগেটিভ, ঘৰত উপস্থিত

কালি বৃহস্পতিবাৰে নিজ ঘৰত উপস্থিত হয়

জুবিন গাৰ্গ-পত্নী গৰিমা কৱিড-১৯ নিগেটিভ, ঘৰত উপস্থিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-05-15T10:42:12+05:30

জুবিন গাৰ্গ-পত্নী গৰিমা ক'ৱিড-১৯ নিগেটিভ, ঘৰত উপস্থিত

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু পত্নী গৰিমা গাৰ্গৰ নমুনাা পৰীক্ষাৰ ফলাফলত ক'ৱিড-১৯ নিগেটিভ পোৱা গৈছে। য়েই সূ্ত্ৰে দুয়ো কালি বৃহস্পতিবাৰে নিজ ঘৰত উপস্থিত হয়৷

উল্লেখ্য যে যোৱা ৮ মে'ৰ পুৱা মুম্বাইৰ আন্ধেৰীৰ পৰা বাছত আহি সোমবাৰে মাজনিশা ২.৩০ বজাত সৰুসজাইত কুৱাৰেণ্টিন চেণ্টাৰত উপস্থিত হয় জুবিন।

সৰুসজাইত উপস্থিত হোৱাৰ পিছতেই জুবিনৰ লগতে সংগীসকলৰ স্বাব সংগ্ৰহ কৰা হয়৷

তাৰ পাছতে হোটেল ৰেডিচন ব্লুত কোৱাৰেণ্টাইন কৰা হৈছিল জুবিন-গৰিমাসহ সতীৰ্থ দুই শিল্পীক৷

বৃহস্পতিবাৰে স্বাব টেষ্টৰ ফলাফল নিগেটিভ অহাত তেওঁলোকক ঘৰলৈ পঠিওৱা হয়। ইয়াৰ পূৰ্বে যোৱা আঠ মেত অগনন অনুৰাগীৰ মুখত হাঁহি বিৰিঙাই অৱশেষত আপোন ঠাই গুৱাহাটীত উপস্থিত হ'ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। ২৭০০ কিলোমিটাৰ পথ বাছত আহি গুৱাহাটীত উপস্থিত হোৱা শিল্পীগৰাকীয়ে ধন্যবাদ জনালে চৰকাৰৰ লগতে দেশৰ বিভিন্ন স্থানৰ আৰক্ষীক। সৰুসজাইত উপস্থিত হোৱাৰ পাছতে জুবিনৰ লগতে তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ ২ সহযোগীৰ স্বাব টেষ্ট কৰা হয়। গাৰ্গসহ দলটো ৰেডিচন ব্লু হোটেলত কোৱাৰেন্টাইনত থাকে। সাংবাদিকৰ আগত তেওঁ কোৱাৰেন্টাইনত থাকিব লাগিব বুলি কৈ শিল্পীগৰাকীয়ে লগতে উল্লেখ কৰিছিল, "এতিয়া ঘৰলৈ নাযাওঁ। ঘৰত আৰু মানুহ আছে যে তাত কোৱাৰেন্টাইনত থাকিবলৈ বেয়া লাগিব"।


Next Story