Begin typing your search above and press return to search.

অৱশেষত অসমত জুবিনঃ অনুৰাগীৰ মুখত হাঁহি

বুধবাৰে আহিব তেওঁলোকৰ এই পৰীক্ষাৰ নমুনা প্ৰতিবেদন। জুবিন গাৰ্গসহ দলটো ৰেডিচন ব্লু হোটেলত কোৱাৰেন্টাইনত আছে

অৱশেষত অসমত জুবিনঃ অনুৰাগীৰ মুখত হাঁহি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 May 2020 6:21 AM GMT

অগনন অনুৰাগীৰ মুখত হাঁহি বিৰিঙাই অৱশেষত আপোন ঠাই গুৱাহাটীত উপস্থিত হ'ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। ২৭০০ কিলোমিটাৰ পথ বাছত আহি গুৱাহাটীত উপস্থিত হোৱা শিল্পীগৰাকীয়ে ধন্যবাদ জনালে চৰকাৰৰ লগতে দেশৰ বিভিন্ন স্থানৰ আৰক্ষীক। সৰুসজাইত উপস্থিত হোৱাৰ পাছতে জুবিনৰ লগতে তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ ২ সহযোগীৰ স্বাব টেষ্ট কৰা হয়।

বুধবাৰে আহিব তেওঁলোকৰ এই পৰীক্ষাৰ নমুনা প্ৰতিবেদন। জুবিন গাৰ্গসহ দলটো ৰেডিচন ব্লু হোটেলত কোৱাৰেন্টাইনত আছে। সাংবাদিকৰ আগত তেওঁ কোৱাৰেন্টাইনত থাকিব লাগিব বুলি কৈ শিল্পীগৰাকীয়ে লগতে কয়, "এতিয়া ঘৰলৈ নাযাওঁ। ঘৰত আৰু মানুহ আছে যে তাত কোৱাৰেন্টাইনত থাকিবলৈ বেয়া লাগিব"।

জুবিনে লগতে কয়- কোৰোনা নিশ্চয়কৈ আমি প্ৰতিৰোধ কৰিব লাগিব। সকলোবোৰ বন্ধ হোৱাৰ বাবে বাছেৰে গুচি আহিলো। পথত সকলো আৰক্ষীয়ে সহায় কৰিছে। আহোতে আমাৰ একো অসুবিধা হোৱা নাই। কেৱল লাহে লাহে আহিবলগীয়া হৈছে। গাড়ীতে আমি খোৱা বোৱা কৰিলো। নামি যোৱা নাই। জুবিন গাৰ্গে বিশেষভাৱে বৰপেটাৰ আৰক্ষী অঝধীক্ষক সমীৰণ বৈশ্যৰ নামো লয়।

শাৰীৰিকভাৱে এতিয়া সম্পূৰ্ণ সুস্থ বুলিও ক'লে জুবিন গাৰ্গে। লগতে কয়- আমি ৮ মেত ওলাই ১২ তাৰিখে পাইছোহে। আৰক্ষীৰ তালাচীৰ মাজেৰে আমি আহিবলগীয়া হৈছে। যোৱা ১৫ দিনত লকডাউনৰ মাজত তেওঁ অস্থিৰতাত থাকিবলগীয়া হোৱা বুলিও ক'লে জুবিন গাৰ্গে।

Next Story