অসমত উদ্যোগিক বিকাশৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

অসমত উদ্যোগিক বিকাশৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ
Published on

অসমত উদ্যোগিক বিকাশৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মন্তব্য কৰে যে অসমত ঔদ্যোগিক বিকাশ তথা বিনিযোগৰ কাৰণে উপযুক্ত জলবায়ু আছে ৷ ইফালে সৰ্বানন্দ সোনোৱালে উদ্যোগ আৰু বানিজ্য মন্ত্ৰ্যালয়ক ৰাজ্যত বিনিয়োগ সহজলভ্য কৰাৰ কাৰণে "ইজ অফ ডুইং বিজনেছ" বাস্তৱায়িত কৰিবলৈ নিৰ্দেশ দিয়ে ৷

সোনোৱালে বানিজ্যিক উৎপাদনৰ কাৰণে উদ্যোগ আৰু বানিজ্য মন্ত্ৰ্যালয়ক অন্যান্য বিভাগসমূহৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ কয় ৷ উৎপাদনৰ ক্ষেত্ৰত পতঞ্জলি,ডাবৰ ইণ্ডিয়া লিমিটেড,ইমামী, হিন্দুস্তান ইউনিলিভাৰ,আইটিচি,ব্ৰিটেইনিয়াৰ আৰু অন্যান্য কম্পনী সমূহে ৰাজ্যত ব্যৱসায় আৰম্ভ কৰিছে ৷ ইয়াৰ উপৰিও হোটেল আৰু চিকিৎসালয় থকা অঞ্চলসমূহত বানিজ্যিক ক্ষেত্ৰত লাভালাভৰ কাৰণে নিজৰ ব্যৱসায় কৰিছে৷

সোনোৱালে উদ্যোগ আৰু বানিজ্য বিভাগক ৰাজ্যত ইজ অফ ডুইং ব্যৱসায়ত পৰিৱৰ্তন আনিবৰ কাৰণে বিজনেছ ৰিফৰ্মচ এক্সন প্লেন তৈয়াৰ কৰিবৰ কাৰণে কয় ৷ইফালে অসম ইজ অফ ডুইং বিজনেছ এক্ট ,২০১৬ চনত চলিত চৰকাৰৰ সময়তে গৃহীত হৈছিল ৷ অন্যহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসমত নেশ্যনেল বেম্ব’ মিশ্যনৰ সন্দৰ্ভে আলোচনা কৰে ৷

উল্লেখ্য যে এই অনুষ্ঠানত উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী,উদ্যোগ আৰু বানিজ্যৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ,বেম্ব মিশ্যনৰ নিৰ্দেশক মীনাক্ষী সুন্দৰম,মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া,অধ্যক্ষ ৰাজেশ প্ৰসাদৰ লগতে বৰিষ্ঠ নেতাসকল উপস্থিত আছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com