অসমৰ ফলে হংকং আৰু ডুবাইৰ বজাৰত স্থান লাভ কৰিব

অসমৰ ফলে হংকং আৰু ডুবাইৰ বজাৰত স্থান লাভ কৰিব

এতিয়াৰে পৰা বিশ্বমুখি হ'ল অসমৰ ফল। অসমৰ বিভিন্ন জিলাৰ পৰা অহা ফল-মূলে এতিয়াৰ পৰা হংকং আৰু ডুবাইৰ বজাৰত স্থান লাভ কৰিব। এএআই কাৰ্গো লজিষ্টক আৰু এলাইড চাৰ্ভিছ কোম্পানী লিমিটেডে সোমবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা প্ৰথমখন বিমান ফল-মূল লৈ উৰা মাৰিছে সূদুৰ ডুবাইলৈ। ডুবাইৰ বজাৰলৈ আৰু হংকঙৰ বজাৰলৈ এক এক টনকৈ মুঠ ২ টন কমলা এয়াৰ কাৰ্গোৰ জৰিয়তে স্পাইচজেট বিমানযোগে প্ৰেৰণ কৰা হৈছে।

ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ সংযোগী সংস্থা এপেডাই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অংশীদাৰী দল সমূহৰ লগত আলোচনা কৰি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ফল সমূহ আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। এপেডাই ৰপ্তানীৰ ব্যয় হ্ৰাস কৰাৰ বাবে বিভিন্ন বিমান কোম্পানী সমূহৰ লগত সংযুক্ত হৈ থাকে। সোমবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত এই আচনিৰ শুভাৰম্ভ কৰি অসমৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে এই আচনিৰ যোগেৰে অসম আৰু অসমৰ খেতিয়ক সকলৰ এক সপোন বাস্তৱত পৰিণত হল। পাটোৱাৰীয়ে আকৌ কয় যে অসমৰ খেতিয়ক সকলে যথেষ্ট কষ্ট কৰিব পাৰে আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ খেতিয়ক সকলে উৎপাদন কৰা সামগ্ৰীয়ে সীঘ্ৰেই বজাৰ দখল কৰিবলৈ সক্ষম হব। এএআইৰ ৰাজ্যিক নিৰ্দেশক ডিকে কৰ্মাই কয় যে এএআই গুৱাহাটীত আন এটা অন্তঃৰাষ্ট্ৰীয় কাৰ্গো কম্প্লেক্স নিৰ্মাণ কৰি থকা হৈছে। এই নিৰ্মাণ কাৰ্য্য সম্পুৰ্ণ হোৱাৰ পিছত প্ৰতিবছৰে ইয়াৰ ক্ষমতা হব ২ লাখ মেট্ৰিক টন। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত এই সকলো সুবিধা উপলব্ধ হব।

এএআই অসমৰ অন্য বিমান বন্দৰ সমূহতো এই ব্যৱস্থা কাৰ্য্যকৰী কৰাৰ বাবে চেষ্টা কৰিব। ডিব্ৰুগড় বিমান বন্দৰ, শিলচৰ বিমান বন্দৰক এই ব্যৱস্থাৰে সংযুক্ত কৰা হব। অসমৰ কমলা বিশ্বৰ বজাৰলৈ যাত্ৰা কৰাৰ লৈ অসমৰ জনসাধাৰণৰ মাজতো ব্যপক উৎসাহৰ সৃষ্টি হৈছে। খেতিয়ক সকলে ভবিষ্যতে এনেধৰণৰ ব্যৱস্থাৰ ফলত লাভাম্বিত হব বুলি মন্তব্য কৰে। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত যথেষ্ট কমলা উৎপাদন হয়, কমলাৰ লগতেও অসমত যথেষ্ট কলৰ উৎপাদন হয়।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com