অসম ৰাইফল জোৱানক সন্মানিত

অসম ৰাইফল জোৱানক সন্মানিত
Published on

অসম ৰাইফল ২৭নম্বৰ কোম্পানীৰ সাহসী জোৱান সত্যনাথ দত্তক সাহসী আৰু দুৰ্দান্তৰ বাবে ভাৰতীয় সেনাৰ সৌৰ্য্য চক্ৰ গেলেণ্ট্ৰী বটাঁৰ বাবে নিৰ্বাচন কৰা হয়।দিল্লীত ১৫আগষ্টৰ স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিয়ে এই বটাঁ প্ৰদান কৰিব সত্যনাথ দত্তক।

সত্যনাথ দত্ত হৈছে অসম ৰাইফলৰ অৱসৰ প্ৰাপ্ত বিষয়া সিদেশ্বৰ দত্তৰ পুত্ৰ।তেওঁৰ ঘৰ উত্তৰ লক্ষিমপুৰ জিলাৰ ঘৰমৰা-নপমুৱাত। জোৱান গৰাকীক সৌৰ্য্য চক্ৰ গেলেণ্ট্ৰী বটাঁৰে সন্মানিত কৰাৰ প্ৰধান কাৰনটো হ'ল,যোৱা ৪জুনত মনিপুৰৰ উখৰুল জিলাত কিছু দুষ্কৃতি লোকে কোনো সন্ত্ৰাসবাদী লোকৰ সৈতে অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰাৰ এক অভিযান চলায়,এই অভিযানত সত্যনাথ দত্তৰ লগতে আৰু তিনিজনকৈ সেনা যোৱানে অভিযান চলাই সাফল্য লাভ কৰে,যাৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হ'ব।

সেই দিনটোতে সেনাৰ দলটোৱে অস্ত্ৰ-সস্ত্ৰধাৰী লোককেইজনৰ জিপচি গাড়ী খনক ৰখায়। সত্যনাথ দত্তই নিজৰ সাহসিকতা,উপস্থিত বুদ্ধি লগতে গোপন অভিযানৰ সময়ত বাকী তিনিজন জোৱান ভেন গাড়ী খনক ঘেৰাও কৰি ৰাখি দুজনকৈ অস্ত্ৰ-সস্ত্ৰধাৰী লোকক আটক কৰিবলৈ সক্ষম হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com