অসম ৰাজ্যিক সংগ্ৰাহালয়ৰ কেন্সাৰৰ ক্ষেত্ৰত জাগৰণ অনাৰ কাৰণে এক বিশেষ পদক্ষেপ

অসম ৰাজ্যিক সংগ্ৰাহালয়ৰ কেন্সাৰৰ ক্ষেত্ৰত জাগৰণ অনাৰ কাৰণে এক বিশেষ পদক্ষেপ

অসম ৰাজ্যিক সংগ্ৰাহালয়ে গুৱাহাটীত কেন্সাৰ পীড়িত লোকসকলৰ ক্ষেত্ৰত সাধাৰণ জনসাধাৰণৰ মাজত জাগৰণ অনাৰ কাৰণে ONCOCARE ৰ লগত সহযোগ কৰিবৰ কাৰণে সহমত ব্যক্ত কৰিছে ৷ ONCOCARE হৈছে কেন্সাৰ ৰোগীসকলৰ লগত একত্ৰিত হোৱা এটা সংগঠন ৷ ইয়াৰ উপৰিও অসম ৰাজ্যিক সংগ্ৰাহালয়ে ইয়াৰ কাৰণে ঠাই প্ৰদান কৰাৰ লগতে কেন্সাৰ ৰোগীসকলৰ প্ৰবেশৰ কোনো মাচুল নলয় ৷

এক সংবাদ বিজ্ঞপ্তি অনুসৰি সংগ্ৰাহালয়ৰ কলা আৰু কলাকৃতি সমূহে ৰোগীসকলক সামগ্ৰিক কল্যানত সহায় কৰিছে, কাৰণ তেওঁলোক প্ৰচণ্ড মানসিক চাপ আৰু বিছিন্নতাত ভুগে ৷ অসম ৰাজ্যিক সংগ্ৰাহালয় হৈছে এনেধৰণে চিকিৎসা সেৱাত ব্ৰতী হৈ পৰা চৰকাৰী সংস্থা ৷ সৃষ্টিশীল আৰু বিভিন্ন কাৰুকাৰ্যৰে কেন্সাৰ ৰোগীসকলক সাহস দিব ৷

এই সন্দৰ্ভত প্ৰথমখন বৈঠক দেওবাৰে ১৮ জন কেন্সাৰ ৰোগীৰ উপস্থিতত আয়োজন কৰা হৈছিল ৷অন্যহাতে, সংগ্ৰাহালয়ৰ নিৰ্দেশকে সংগ্ৰাহালয়ৰ সন্দৰ্ভত সংক্ষেপে মন্তব্য কৰে ৷ ONCOCARE ৰ অধ্যক্ষ ড° জয়দীপ পুৰকায়স্থই পাৱাৰ পইন্ট প্ৰস্তুতিৰ জৰিয়তে কেন্সাৰৰ কাৰণ আৰু ইয়াৰ নিবাৰণৰ সন্দৰ্ভত মতামত ব্যক্ত কৰে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com