আগন্তক নিৰ্বাচনৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ বিশেষ প্ৰতিক্ৰিয়া

আগন্তক নিৰ্বাচনৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ বিশেষ প্ৰতিক্ৰিয়া

মংগলবাৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে চিৰাং জিলাৰ কাশীকোত্ৰাত নিৰ্বাচনী প্ৰচাৰত অংশ লয় ৷ নিৰ্বাচনী প্ৰচাৰৰ ৰেলীত অংশ লৈ বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে বিপিএফৰ প্ৰাৰ্থী কোকৰাঝাৰত এইবাৰ বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয় লাভ কৰিব ৷ বিপিএফৰ সকলো ক্ষেত্ৰৰ সকলো দিশতে বিকাশৰ কাৰণে যাৱতীয় সকলো কাম কৰিছে বুলি কোৱাৰ লগতে হাগ্ৰামা মহিলাৰীয়ে কয় যে তেওঁৰ দল বিকাশৰ ক্ষেত্ৰত সকলো প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিছে ৷

লগতে মহিলাৰীয়ে কয় যে কোকৰাঝাৰৰ নিৰ্বাচন ক্ষেত্ৰত বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু এবিএচইউৰ সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী ইজি ব্ৰহ্মৰ মাজত প্ৰতিদ্বন্দিতা হ’ব ৷ বিপিএফে কেৱল কোকৰাঝাৰৰ এইচপিচিত প্ৰাৰ্থীত্ব আগবঢ়াব ৷ কিন্তু ৰাজ্যৰ অন্যান্য নিৰ্বাচন ক্ষেত্ৰত বিজেপি আৰু অগপৰ প্ৰাৰ্থীসকলক সমৰ্থন আগবঢ়াব। বিৰোধী দল সমূহে জনসাধাৰণক বিভ্ৰান্ত কৰা উচিত ন’হব বুলিও মন্তব্য কৰে বিটিছি প্ৰধান হাগ্ৰামা মহিলাাৰীয়ে ৷

ইফালে বিটীছিৰ উপ প্ৰমুখ্য কাম্পা বৰগয়াৰীৰ অধ্যক্ষতাত হোৱা এখন বৈঠকখনত বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম,ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী,মন্ত্ৰী চন্দন ব্ৰহ্ম,আৰু বহু নেতৃবৃন্দ উপস্থিত থাকে ৷ অন্যহাতে বড়ো সুৰক্ষা সমিতি,ইউপিপিএল, পিডিএফৰ সমৰ্থক প্ৰায় ৯০০ টি পৰিয়ালে বিপিএফত যোগদান কৰে ৷ আৰু তেওঁলোকক দললৈ স্বাগতম জনায় হাগ্ৰামা মহিলাৰীয়ে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com