উগ্ৰতাৰা দেৱালয়ৰ চুৰি কাণ্ড সন্দৰ্ভত ৫ জনক আটক

উগ্ৰতাৰা দেৱালয়ৰ চুৰি কাণ্ড সন্দৰ্ভত ৫ জনক আটক

মহানগৰীৰ উগ্ৰতাৰা মন্দিৰৰ চাঞ্চল্যকৰ চুৰিকাণ্ড সন্দৰ্ভত আটক কৰা হৈছে ৫ জনক৷ মন্দিৰৰ এক CCTV ফুটেজক ভিত্তি কৰিছে আৰক্ষীয়ে আটক কৰিছে লোককেইজনক৷ অন্যহাতে,উগ্ৰতাৰা মন্দিৰ চুৰিকাণ্ডটো গুৱাহাটীৰ আয়ুক্ত, CBI ৰ বিশেষ শাখা,মহানগৰ আৰক্ষী সহিতে তদন্ত অব্যাহত ৰাখিছে ৷ইফালে উগ্ৰতাৰা মন্দিৰত সংঘটিত এই চুৰি কাণ্ডটো হৈছে দ্বিতীয়টো চুৰি কাণ্ড৷ সম্প্ৰতি ৰাজ্য খনত বৃদ্ধি পাইছে চুৰি,ডকাইতিকে আদি কৰি বিভিন্ন অনৈতিক কাৰ্য কলাপ ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনত ক্ৰমান্বয়ে বৃদ্ধি পোৱা ড্ৰাগচকে আদি কৰি বিভিন্ন মাদক দ্ৰব্যৰ প্ৰতি বিভিন্ন লোকৰ আসক্তিয়ে এনেধৰনৰ অসামাজিক কামৰ প্ৰতি স্পৃহা বঢ়াই ৷যাৰ ফলত আৰক্ষীয়ে উগ্ৰতাৰা মন্দিৰত হোৱা চুৰি কাণ্ডটো ড্ৰাগচ আসক্ত লোকৰ দ্বাৰা সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

অন্যহাতে, এই ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে ২৭১/১৮ u/s 457/380 ধাৰাত এজাহাৰ দাখিল কৰিছে ৷উল্লেখ্য যে, গুৱাহাটীৰ উজান বজাৰস্থিত উগ্ৰতাৰা মন্দিৰ হৈছে দেশৰ ৫২ খন শক্তিপীঠৰ অন্যতম ৷ শুক্ৰবাৰে পুৱতি নিশা প্ৰায় ৩ ৰ পৰা ৪ বজাৰ ভিতৰত চোৰে লুটি লৈ গৈছিল অষ্টধাতুৰ মূৰ্তি,দানপাত্ৰ,ধন সোনৰ লগতে বহু মূল্যবান সামগ্ৰী ৷ চুৰি কাণ্ডটো সংঘটিত হোৱাৰ পিছত দেৱালখনৰ ভক্তসকলৰ মাজত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ ভক্ত সকলে প্ৰশাসনক অনতি পলমে চুৰি কাণ্ডৰ লগত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছিল ৷ ইয়াৰ পিছত প্ৰশাসনে CCTV ৰ ফুটেজ অনুসৰি তদন্ত কৰি চাৰিজন লোক জড়িত বুলি সন্দেহ কৰিছিল যদিও সম্প্ৰতি আৰক্ষীয়ে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

শেহতীয়া তথ্য অনুসৰি মন্দিৰৰ স্থানীয় লোক আৰু ভক্তসকল সম্প্ৰতি মন্দিৰত সংঘটিত চুৰি কাণ্ডটোৰ সন্দৰ্ভত যথেষ্ট দুখ প্ৰকাশ কৰিছে আৰু সকলো ৰাইজ ভক্ত উগ্ৰতাৰা মন্দিৰত একত্ৰিত হৈ ঘটনাটোৰ উচিত তদন্ত বিচাৰিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com