উত্তৰপ্ৰদেশৰ বিজেপিয়ে ৭৪ৰ পৰা ৮০ খন আসন লাভ কৰিব : অমিত শ্বাহ

উত্তৰপ্ৰদেশৰ বিজেপিয়ে ৭৪ৰ পৰা ৮০ খন আসন লাভ কৰিব : অমিত শ্বাহ
Published on

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে উত্তৰপ্ৰদেশত আগন্তক ২০১৯ লোকসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ দলটোৰ দুদিনীয়া কাৰ্য্য নিৰ্বাহকত অংশগ্ৰহন কৰি কয় যে এইবাৰ উত্তৰপ্ৰদেশত বিজেপিয়ে ৭৪ খনৰ পৰা ৮০ খন আসন লাভ কৰিব।এইতো কেন্দ্ৰত নৰেন্দ্ৰ মোডী নেতৃত্বধীন চৰকাৰ আৰু ৰাজ্যত যোগী আদিত্যনাথৰ ভাল কামৰ বাবে সম্ভৱ হব।লগতে সভাপতি শ্বাহে কয় যে বিজেপি চৰকাৰে শাসনৰ বাঘজৰী দখল কৰা পাছত ভাৰতবৰ্ষ উন্নতি আৰু প্ৰগতিৰ ক্ষেত্ৰত বহুত আগুৱাই গৈছে আৰু বিজেপি চৰকাৰে এই সময় খিনিত যিমান দেশৰ উন্নতিৰ বাবে কাম কৰিছে তাৰ তুলনাত কংগ্ৰেছ চৰকাৰে তেওঁলোকৰৰ সমগ্ৰ শাসন কালতো কৰিবলৈ সক্ষম নহল সেইবাবে চৰকাৰে কংগ্ৰেছক বৰ্জন কৰিছে।আমাৰ কাম-কাজত দেশবাসী অতি আনন্দিত আৰু আমাক দেশবাসীয়ে যোৱাবাৰতকৈ বেছি ভাল ফলাফলৰ সহায়ত বিজয়ী কৰাব হেয়া নিশ্চিত হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com