এন আৰ চি দ্বিতীয় খন খচৰাৰ ভিন্ন কামৰ বাবে হজযাত্ৰা স্থগিত

এন আৰ চি দ্বিতীয় খন খচৰাৰ ভিন্ন কামৰ বাবে হজযাত্ৰা স্থগিত
Published on: 

এন আৰ চিৰ পৰীক্ষণৰ কাম চলি থকাৰ বাবে বৃহৎসংখ্যক মুছলমান ধৰ্মালম্বী সকলে এইবাৰৰ বছেৰেকীয়া হজ যাত্ৰা স্থগিত ৰাখে।অসমৰ লোক এতিয়া ব্যস্ত এন আৰ চিৰ লগত জড়িত ভিন্ন কাম-কাজ আৰু প্ৰকাশ পাব লগীয়া দ্বিতীয় খন খচৰাৰ কামত। অহা ৩১জুলাইত প্ৰকাশ পাব এন আৰ চিৰ দ্বিতীয় খন খচৰা। সেয়ে চলিত বৰ্ষৰ মুছলমান সকলৰ হজ যাত্ৰা তথা মক্কালৈ যোৱা কাৰ্য্যসূচী স্থগিত ৰাখে। 'উত্তৰ-পূৰ্বাঞ্চল হজ তীৰ্থযাত্ৰী' কমিটীৰ কাৰ্য্যকৰী অধ্যক্ষ নেকিবুৰ জামানে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com