কাজিৰঙাত বিনামুলীয়া চকু চিকিৎসা শিৱিৰৰ আয়োজন

কাজিৰঙাত বিনামুলীয়া চকু চিকিৎসা শিৱিৰৰ আয়োজন
Published on: 

যোৱা দেওবাৰে কাজিৰঙাৰ নুমলীগড়ৰৰ মহুৰামুখ সম্প্ৰদায়ক প্ৰেক্ষাগ.হত নুমলীগড় লায়ঞ্চ ক্লাৱে নুমলীগড় তেল শোধানাগাৰৰ সহযোগত আয়োজন কৰে বিনামুলীয়া চকু চিকিৎসা শিৱিৰ ।

শিৱিৰত মুঠ ৪৫০জন ৰোগীক বিনামুলীয়া চকু চিকিৎসা প্ৰদান কৰাৰ লগতৰ আনহাতে বিনামুলীয়া চচমা আৰু ঔষধ প্ৰদান কৰে । আনহাতে ৩৩ জন ৰোগীক যোৰহাটলৈ বিনামুলীয়া চকু কেটৰেক অস্ত্ৰোপচাৰৰ বাবে পঠিয়াই ।

আনটো বিনামুলীয়া চকু চিকিৎসা শিৱিৰ নৱেম্বৰৰ ৯ তাৰিখে কাৰ্বি আংলং জিলাৰ ৰঙ্গমঙগৱেত আয়োজন কৰা হ'ব ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com