কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ভোট গণনাৰ সন্দৰ্ভত আলোচনা

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ভোট গণনাৰ সন্দৰ্ভত আলোচনা

কামৰূপ মহানগৰৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে নিৰ্বাচনৰ ভোটগণনাৰ সন্দৰ্ভত এখন গুৰুত্ব পূৰ্ণ আলোচনাত মিলিত হয় ৷ গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনত অৱৰ্তীণ হোৱা প্ৰাৰ্থী প্ৰতিনিধিসকলৰ উপায়ুক্তৰ কাৰ্যালয়ত হোৱা সভাখনত ২৩ মে’ত ঘোষণা কৰিবলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বিষয়ে বিভিন্ন গুৰুত্ব পূৰ্ণ আলোচনা কৰে। উপায়ুক্ত বিশ্বজিৎ পেগুৱে ভোটগগণা প্ৰক্ৰিয়া সন্দৰ্ভত থকা নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনাসমূহ ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক অৱগত কৰোৱাৰ লগতে ভোটগণনাৰ সময়ত প্ৰাৰ্থীসকলৰ কাউন্টিং এজেন্টসকলে পালন কৰিবলগীয়া দায়িত্বৰ বিষয়েও ব্যাখ্যা কৰে ৷

ইফালে সভাখনত অতিৰিক্ত উপায়ুক্ত ক্ৰমে বিদ্যুৎ বিকাশ ভাগৱতী,নিবেদন দাস পাটোৱাৰী আৰু ৰাতুল পাঠকে ইভিএমৰ ভোট গণনা পদ্ধতিৰ লগতে ভিভিপেটৰ শ্লিপ গননা পদ্ধতি আৰু এই সন্দৰ্ভত নিৰ্বাচন আয়োগে নিৰ্দ্ধাৰণ কৰি দিয়া নিৰ্দেশনাৱলী বিষয়ে ৰাজনৈতিক দল তথা প্ৰাৰ্থীৰ প্ৰতিনিধিসকলক বিস্তাৰিত ভাৱে অৱগত কৰে ৷ উল্লেখ্য যে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী লোকসভা সমষ্টিৰ ভিতৰুৱা জালুকবাৰী,দিছপুৰ,পূৱ গুৱাহাটী আৰু গুৱাহাটী পশ্চিম বিধানসভা সমষ্টিৰ ভোট গণনা মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত হ’ব ৷ লগতে চাৰিওটা বিধানসভা সমষ্টিৰ প্ৰতিটোৰ বাবে একোটাকৈ মুঠ চাৰিটা কাউন্টিং হ’ল থাকিব ।

প্ৰতিটো হলৰ কাউন্টিং টেবুলবোৰৰ ভিতৰৰ এখন টেবুল ভিভিপেটৰ শ্লিপ গণনাৰ বাবে নিৰ্দিষ্ট কৰি ৰখা হ’ব ৷আৰু ইয়াৰ নাম হ’ব ভিভিপেট কাউন্টিং বুথ ৷অন্যহাতে সভাখনত নিৰ্বাচনী বিষয়া জিমলী শইকীয়া কাকতিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলক তেওঁলোকৰ কাউন্টিং এজেন্টৰ নাম শীঘ্ৰে নিৰ্বাচনী বিষয়াৰ হাতত জমা দিবলৈ অনুৰোধ জনায় ৷উল্লেখযোগ্য যে জিলা প্ৰশাসনে ভোট গণনা কাৰ্যত নিয়োগ কৰিবলগীযা বিষয়া কৰ্মচাৰীসকলৰ বাবে ১৪,১৫ আৰু ১৮ মে’ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে ৷ ইফালে , উপায়ুক্ত বিশ্ব জিৎ পেগু উপস্থিত থকা এই সভাখনত বিজেপি,কংগ্ৰেছ দলকে আদি কৰি কেইবাটাও ৰাজনৈতিক দল তথা নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ প্ৰতিনিধিৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ড উপস্থিত আছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com