ক্ষমতাৰ লোভে অগপ আৰু কংগ্ৰেছক একত্ৰিত কৰিব: বিজেপি

ক্ষমতাৰ লোভে অগপ আৰু কংগ্ৰেছক একত্ৰিত কৰিব: বিজেপি

দিছপুৰ চৰকাৰৰ মিত্ৰদল বিজেপি আৰু অগপ কিন্তু ৰাজ্যত চলি থকা পঞ্চায়ত নিৰ্বাচনৰ সময়ত বিজেপি আৰু অগপৰ মাজৰ বৰ্তমানৰ সম্পৰ্কৰ আচল স্বৰূপ ৰাইজৰ মাজত প্ৰকাশ পাইছে। ৰাজ্যত চলি থকা পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সময়ত বিজেপিয়ে অগপ দলটোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।বিজেপিয়ে অসম গণ পৰিষদক সমালোচনা কৰি কয় যে ক্ষমতাৰ লোভে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ, অগপ আৰু এ আই ইউ ডি এফক একত্ৰিত কৰিছে। বিজেপিয়ে কংগ্ৰেছক দুৰ্নীতি পৰায়ণ, এ আই ইউ ডি এফক বিপদজনক আৰু অগপক বিশ্বাসঘাটক বুলি কয়।

বৃহস্পতি বাৰে অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা এক সংবাদ মেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে বিগত পোন্ধৰটা বছৰে কংগ্ৰেছে পঞ্চায়তত কেবল দুৰ্নীতি কৰিলে, অগপই দহ বছৰীয়া শাসন কালত এবাৰো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব সক্ষম হোৱা নাছিল। আমি ক্ষমতালৈ অহাৰ আঢ়ৈ বছৰৰ পিছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিছো কাৰণ আমি প্ৰকৃততে ৰাইজৰ উন্নয়ণ বিছাৰো। ৰাইজে দুটা বছৰত ৰাজ্যৰ গ্ৰাম্যাঞ্চল সমূহত চৰকাৰৰ গঠনমূলক কাম-কাজ দেখিছে আৰু আচনি সমূহ কাৰ্যকৰী কৰা দেখিছে সেয়েহে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজে ব্যাপক সমৰ্থনেৰে বিজেপিক ভোট দানৰ বাবে ওলাই আহিছে বুলিও মুখপাত্ৰ গৰাকীয়ে মন্তব্য কৰে। অগপই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ লগত মিত্ৰজোট গঠন কৰাৰ কাৰণেহে আমাৰ লগত মিত্ৰতা ৰক্ষা কৰি আছে যি অত্যন্ত দুৰ্ভাগ্যজনক বুলিও ৰূপম গোস্বামীয়ে উল্লেখ কৰে। অগপই ক্ষমতালৈ আহিলে এই বিশ্বাসঘাটকতাৰ পৰিণাম ভোগ কৰিব, অগপই প্ৰতিশ্ৰুতিৰ কথা কয় কিন্তু কেতিয়াও প্ৰতিশ্ৰুতি সমূহ পালন নকৰে বুলিও মুখপাত্ৰ গৰাকীয়ে সংবাদ মেলৰ সময়ত কয়।

অগপক তীব্ৰ সমালোচনা কৰি মুখপাত্ৰ গৰাকীয়ে কয় যে ৰাইজে বিশ্বাসঘাটক অগপক নাকচ কৰিছে আৰু জাতীয় দল এটা বেছিদিন বিশ্বাসঘাটকতাৰে জীয়াই নাথাকে। অগপৰ নেতা সকলে বৰ্তমান কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ নেতা সকলৰ লগত বিজেপিক হৰুৱাবৰ কাৰণে মিত্ৰতা কৰিছে বুলিও ৰূপম গোস্বামীয়ে সমালোচনা কৰে।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com