ক্ৰমে মৃতপ্ৰায় অৱস্থালৈ ধাৱমান আইলেণ্ড ৱাটাৰ টান্সপ’ৰ্ট

ক্ৰমে মৃতপ্ৰায় অৱস্থালৈ ধাৱমান আইলেণ্ড ৱাটাৰ টান্সপ’ৰ্ট
Published on

জলপৰিবহনত জনসাধাৰণৰ সুবিধাৰ্থে সংযোগ হ’বলৈ গৈ আছে ৰ’ৰো জাহাজ। ৰাজ্যৰ আইলেণ্ড ৱাটাৰ টান্সপ’ৰ্টে ব্যৱস্থা কৰা ৰ’ৰো জাহাজৰ ক্ষেত্ৰত সুখী হৈছে যাত্ৰী সকল ৷ কিন্তু উত্তৰ পূবৰ একমাত্ৰ প্ৰশিক্ষণ কেন্দ্ৰটি এতিয়াও পুনৰুজ্জীৱিত কৰা কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ কোনো ভ্ৰুক্ষেপ নাই ৷ ১৯৭০ চনতে স্থাপিত প্ৰশিক্ষণ কেন্দ্ৰটোত সম্প্ৰতি প্ৰশিক্ষাৰ্থীসকলক তালিকাভুক্ত কৰা নাই। তাৎপৰ্য্য পূৰ্ণ এয়ে যে উত্তৰ পূবৰ অন্য ৰাজ্যৰ বহু প্ৰাৰ্থী পৰীক্ষাৰ কাৰণে এই কেন্দ্ৰটিলৈ আহে ৷ কিন্তু, ফলাফল ঘোষণাৰ পিছত প্ৰমাণপত্ৰ লগত লৈ যায় প্ৰাৰ্থীসকলে ৷

সম্প্ৰতি,প্ৰশিক্ষণ কেন্দ্ৰটিত অন্যান্য কৰ্মচাৰীৰ লগতে প্ৰশিক্ষকৰ দুটা স্কীকৃতি প্ৰাপ্ত পদ আৰু অধীক্ষকৰ এটা স্বীকৃতি প্ৰাপ্ত পদ দীৰ্ঘ সময় ধৰি খালী হৈ আছে ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি,গুৱাহাটীৰ ফেন্সী বজাৰস্থিত ৰাজদ্বাৰ ঘাটত অৱস্থিত প্ৰশিক্ষণ কেন্দ্ৰটি ১৯৯৯ চনলৈকে যথাযথ ভাৱে চলি আছিল ৷ ইয়াৰ পিছত ২০১০ চনৰ পৰা প্ৰশিক্ষণ দিয়াৰ প্ৰক্ৰিয়াটো সীমিত হৈ আহিবলৈ ধৰে ৷ অৱশ্যে ২০১০ চনৰ পিছৰ পৰা প্ৰশিক্ষণ কেন্দ্ৰটি ক’মাত যোৱাৰ দৰে হয়৷এই ক্ষেত্ৰত বিভাগীয় বিষয়াসকলে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com