গুৱাহাটীবাসীৰ সুবিধাৰ্থে গুৱাহাটী পৌৰ নিগমৰ বিশেষ পদক্ষেপ

গুৱাহাটীবাসীৰ সুবিধাৰ্থে গুৱাহাটী পৌৰ নিগমৰ বিশেষ পদক্ষেপ
Published on

গুৱাহাটী পৌৰ নিগময়ে গুৱাহাটীবাসীৰ যিকোনো অভিযোগৰ যথাযথ সেৱা প্ৰদান তথা সমাধান কৰিবৰ কাৰণে বিভিন্ন পদক্ষেপ লৈ আহিছে ৷ জনসাধাৰণক উপযুক্ত তথা তাৎক্ষনিকভাৱে সেৱা প্ৰদান কৰিবৰ কাৰণে বিভিন্ন আঁচনিও মুকলি কৰিছে ৷গুৱাহাটী পৌৰ নিগমে জনসাধাৰণৰ বিভিন্ন অভিযোগৰ লগতে, গুৱাহাটী পৌৰ নিগম সম্বন্ধিত অভিযোগ প্ৰদান কৰিবৰ কাৰণে হেল্প লাইন নম্বৰ, ৮৮১১০০ জৰিয়তে যোগাযোগ কৰিব পাৰে। ইয়াৰোপৰি জনসাধাৰণে ৭০০/৭৩৯৯০০৩০০১/ ৭৩৯৯০০৩০০২/ ৭৩৯৯০০৩০০৩/ ৭৩৯৯০০৩০০৪ অথবা জিএমচিক gmcpgo@gmail.com ত সম্পৰ্ক কৰিব পাৰে ।

গুৱাহাটীৰ নাগৰিকক অনুৰোধ কৰা হৈছে যে তেওঁলোকে অভিযোগ আৰু দিহা পৰামৰ্শ তথা প্ৰতিক্ৰিয়া জিএমচিৰ ফেচবুক পেইজ www.facebook.com/GuwahatiMunicipalCorporation(guwahatimunicipalcorporation) আৰু টুইটাৰ পেইজ Guwahati MunicipalCorporation@gmcguwahati)ত ব্যক্ত কৰিব পাৰে ৷ আৰু গুৱাহাটী পৌৰ নিগমৰ সেৱা সমূহৰ বিষয়ে জানিবলৈ https://gmc.assam.gov.in ত যোগযোগ কৰিলে সবিশেষ তথ্য লাভ কৰিব।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com