গোলাঘাটত এএএছচিএছইউৰ প্ৰতিবাদ

গোলাঘাটত এএএছচিএছইউৰ প্ৰতিবাদ

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ ইউনিয়নে(এএএছচিএছইউ) যোৱা বুধবাৰে গোলাঘাট জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সমীপত বিভিন্ন সমস্যাৰ সমাধান বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে অসমীয়া বাদ্যযন্ত্ৰ খোলা,তাল,নাগাৰা আদিৰ লগতে বিভিন্ন শ্লোগানৰে প্ৰতিবাদ কৰে।

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ ইউনিয়নৰ সভাপতি মাধুৰ্য দাস আৰু প্ৰনৱ প্ৰতিম দাসে মত প্ৰকাশ কৰি কৈছে যে; তেওঁলোকে অনুসূচীত জাতি সকলৰ বিভিন্ন সমস্যা সমূহক লৈ চৰকাৰৰ আগত আৱেদন কৰাৰ পিছতো চৰকাৰে কোনো ধৰনৰ পদক্ষেপ গ্ৰহন কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা নাই ।

সংগঠনটোৱে ভিন্ন সমস্যা যেনে; স্কলাৰশ্বিপৰ আচনি,সামাজিক আৰু শিক্ষা সমস্যা,অনুসূচীত সকলৰ জাতি প্ৰমান পত্ৰ,ভূমিহীন লোকক ভূমি প্ৰদান কৰা আদি বহু সমস্যাকৰ সমাধান বিচাৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে । পৰবৰ্তী সময়ত গোলাঘাট জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰন কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com