গোলাঘাটত চাৰিখনকৈ বালি ভৰ্ত্তি ট্ৰাক জব্দ

গোলাঘাটত চাৰিখনকৈ বালি ভৰ্ত্তি ট্ৰাক জব্দ

গোলাঘাট আৰক্ষীৰ নেতৃত্বত এক অভিযানত যোৱা সোমবাৰে নিশা ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিখনকৈ বালি ভৰ্ত্তি ট্ৰাক জব্দ কৰা হয়।জব্দ কৰা ট্ৰাক কেইখন এএছ ০৯ এচি ৩১৯৬, এএছ ০৯ এচি ৩১১৩, এএছ ০৫চি ৭২১৪ আৰু এএছ ০৫ চি ৬১৭৮ পঞ্জীয়ন কৰা।জানিব পৰা মতে,ট্ৰাক কেইখনে অবৈধ ভাবে বালি কঢ়িয়াওৱাৰ লগতে বন বিভাগৰ তৰফৰ পৰা কোনো বৈধ নথি পত্ৰ নাছিল।

যোৱা মঙলবাৰে,জব্দ কৰা ট্ৰাক কেইখন কুমুদ বড়া,বিপুল ৰাজখোৱা,বিজিত গগৈ,শৈলেন হাজৰিকা আদালতত হাজিৰ কৰোৱা হয় আৰু পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।জানিব পৰা মতে,বনাঞ্চলৰ বিষয়া আৰু বনাঞ্চল মাফিয়া সকলে অবৈধ ভাৱে বালি আৰু শিলৰ ব্যৱসায় কৰাৰ লগতে বনাঞ্চলৰ সম্পদ সমূহো ধ্বংস হোৱা পৰিলক্ষিত হৈছে।ইয়াৰ উপৰিও,গোলাঘাট বন বিভাগৰ জ্যেষ্ঠ বিষয়াকো এই অবৈধ ভাবে ব্যৱসায় কৰা ঘটনাৰ লগত জড়িত থকা অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com