চকু চিকিৎসালয় স্থাপিত

চকু চিকিৎসালয় স্থাপিত
Published on

উদালগুৰি জিলাক কেন্দ্ৰ কৰি ভূটান,অৰুণাচল প্ৰদেশ আৰু অসমক সংলগ্ন কৰি লায়ণ্স ক্লাৱে এখন চকু চিকিৎসালয় স্থাপনৰ কৰে।ইতিমধ্যো উদালগুৰুি জিলাৰ লায়ণ্স ক্লাৱে সকলো বোৰ তথ্য লায়ণ্স ক্লাৱৰ কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিছে।সেয়ে যোৱা মঙল বাৰে উদালগুৰুি জিলাৰ লায়ণ্স ক্লাৱত আয়োজন কৰা সভাত লিঅ'নেছ ৰাধা আগৰৱালে প্ৰথম বাৰৰ বাবে উদালগুৰি জিলালৈ আহিছে আৰু উদালগুৰি জিলাৰ লায়ণ্স ক্লাৱৰ সদস্য সকলক উৎসাহিত কৰিছে যে ইমান পিছপৰা অঞ্চল এটাত তেওঁলোকে চকু চিকিৎসালয় এখন স্থাপিত কৰিছে। ইয়াৰ লগতে তেওঁ এইটো জনাইছে যে ভাৰত মধুমেহ ৰোগ তথা ডাইবেটিছ বেমাৰ বেছি হোৱা এখন ঠাই আৰু লগতে এইটোও জনাইছে যে ডাইবেটিছ বেছি পৰ্যায়লৈ বাঢ়ি গ'লে মানুহ অন্ধও হৈ পৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com