চি এম এছ জি ইউ ৱাইৰ সৌজনত ট্ৰেক্টৰ বিতৰণ

চি এম এছ জি ইউ ৱাইৰ সৌজনত ট্ৰেক্টৰ বিতৰণ
Published on

হোজাই জিলাৰ কৃষি বিভাগে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ, যোগেদি হোজাই বিহুতলীত সোমবাৰে এক ট্ৰেক্টৰ বিতৰণ অনুষ্ঠান আয়োজন কৰে আৰু মুঠ ছয় খনকৈ ট্ৰেক্টৰ কৃষকক বিতৰণ কৰা হয়। অনুষ্ঠানটিত হোজাই জিলাৰ উপায়ুক্ত এম পি সিং য়ে সভাপতিৰ পদ গ্ৰহণ কৰে আৰু মুখ্য অতিথি হিচাপে শ্ৰমিক মন্ত্ৰী পল্লব লোচন দাস উপস্হিত থাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৃষকৰ লাভালাভৰ বাবে ইতিমধ্যে আঁচনি গ্ৰহণ কৰিছে বুলি দাস ডাঙৰীয়াই উল্লেখ কৰে। মুঠ ৩৭৩ ট্ৰেক্টৰ ৭০ শতাংশ ৰাজসাহাৰ্য হিচাপে ৩৭৩ ৰাজহ গাঁৱলৈ ১৫ আগষ্টৰ আগত বিতৰণ কৰা হব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com